দুটা বছৰৰ অন্তত মাৰ্ঘেৰিটাত পুনৰ মুকলি হ'ল উত্তৰ-পূব কয়লা ক্ষেত্ৰ ক'ল ইণ্ডিয়া লিমিটেড

 


প্ৰায় দুটা বছৰৰ অন্তত মাৰ্ঘেৰিটাত পুনৰ মুকলি হ'ল উত্তৰ-পূব কয়লা ক্ষেত্ৰ ক'ল ইণ্ডিয়া লিমিটেড। শনিবাৰে মাৰ্ঘেৰিটাৰ বাঁহবাৰীৰ ৰাজীৱ গান্ধী খেলপথাৰত হেলিকপ্টাৰযোগে অৱতৰণ কৰা মুখ্যমন্ত্ৰী  ড০ হিমন্তবিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীক সম্বৰ্ধনা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই।

প্ৰথমে মাৰ্ঘেৰিটাস্থিত ক'ল ইণ্ডিয়াৰ দিহিং গেষ্টহাউছত কিছু সময় অতিবাহিত কৰি  লিডুৰ টিককস্থিত কয়লাক্ষেত্ৰ পৰিদৰ্শন কৰে আৰু উক্ত স্থানতে এখন সভাত অংশগ্ৰহণ কৰে দুয়োগৰাকী মন্ত্ৰীয়ে ৷ ইয়াতে ২০২০ চনৰ পৰা বন্ধ হৈ থকা উত্তৰ-পূব কয়লাক্ষেত্ৰ (কল ইণ্ডিয়া লিমিটেড) পুনৰ আৰম্ভ হ'ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই।

কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে উত্তৰ-পূব কয়লাক্ষেত্ৰৰ কয়লা খননৰ পুনৰাম্ভ কাৰ্য মুকলি কৰে। বিশ্বৰ সৰ্ববৃহৎ কয়লা কোম্পানী ক’ল ইণ্ডিয়া লিমিটেডৰ (CIL) এটা গোট নৰ্থ ইষ্টাৰ্ন ক’লফিল্ডছ (NEC)ত শনিবাৰে কেন্দ্ৰীয় কয়লা, খনি আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এনইচিৰ টিকক কলিয়াৰীত খননৰ পুনৰাম্ভ কাৰ্যৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানটোত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকি কয়- "আজি আমি টিকক কলিয়াৰীত খনন কাৰ্য পুনৰ আৰম্ভ কৰিছোঁ আৰু অঞ্চলটোৰ উন্নয়নৰ দিশত ই এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। এনইচিৰ কয়লাৰ মান উৎকৃষ্ট আৰু ভাৰতৰ কেইবাটাও ঘৰুৱা উদ্যোগত ইয়াৰ চাহিদা অধিক।"

এনইচিয়ে আগন্তুক ২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ইয়াৰ টিৰাপ অ'চিপিৰ পৰা কয়লা উৎপাদন আৰম্ভ কৰিব। এনইচিয়ে ২৩-২৪ বিত্তীয় বৰ্ষৰ পৰা ১০ লাখ টন কয়লা উৎপাদন কৰাৰ পৰিকল্পনা কৰিছে।

Post a Comment

0 Comments