কংগ্ৰেছক তুলাধুনা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, ক’লে – কংগ্ৰেছ দলৰ কাৰো ওপৰত কাৰো বিশ্বাস নাই, সম্পূৰ্ণ সংস্কাৰৰ প্ৰয়োজন

 


ৰাজ্যসভাৰ নিৰ্বাচনত দুয়োখন আসনতে জয়ী হ’ল বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী। দ্বিতীয়খন আসন দখল কৰাৰ সপোন পূৰণ নহ’ল বিৰোধীৰ। পৰাজয় বৰণ কৰিলে বিৰোধীৰ প্ৰাৰ্থী ৰিপুণ বৰাই। এই ফলাফলৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰি কংগ্ৰেছক সমালোচনাৰে থকা–সৰকা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘নিৰ্বাচন টান আছিল যদিও ৰাজনৈতিক অপৰিপক্কতাৰ বাবে জয়ী হৈছে। নিৰ্বাচন গণতান্ত্ৰিক আছিল। মোডী ডাঙৰীয়াৰ অসম প্ৰেমৰ প্ৰতিদান এই বিজয়। প্ৰয়োজন হ'লে কংগ্ৰেছীয়ে সহায় কৰে, কিন্তু এইবাৰৰ সহায় অভূতপূৰ্ব।’’

অনিচ্ছাসত্ত্বেও ধন্যবাদ জনাই AIUDF অসমৰ ৰাজনৈতিক মানচিত্ৰৰ পৰা বিলুপ্ত হৈ যাব লাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, নমস্কাৰ কৰি ভোট নালাগে বুলি কোৱাৰ পিছতো যদি ভোট দিছে কি ক’ম।

‘‘কংগ্ৰেছে এজেণ্ট বাহিৰৰ পৰা আনিছে। কাৰো ওপৰত কাৰো বিশ্বাস নাই কংগ্ৰেছৰ।AIUDFৰ এজেণ্ট কংগ্ৰেছে দিম বুলি কোৱাজনেই এই নিৰ্বাচনৰ ভিলেইন। সম্পূৰ্ণ সংস্কাৰৰ প্ৰয়োজন আছে কংগ্ৰেছ দলৰ।’’ – ক’লে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

নৱনিৰ্বাচিত সাংসদদ্বয়লৈ মুখ্যমন্ত্ৰীৰ আহ্বান, ৰণগৌৰা নাৰ্জাৰীয়ে কেৱল বড়ো নহয়, প্ৰতিটো জনগোষ্ঠীৰ আশা পূৰণ কৰক। পবিত্ৰ মাৰ্ঘেৰিটায়ো প্ৰতিটো জাতি-জনগোষ্ঠীৰ বাবে কাম কৰক।

Post a Comment

0 Comments