চিনেমাৰ কায়দাৰে ডকাইতি, চিৰাঙত শূন্যলৈ গুলীচালনা কৰি দুটা পৰিয়ালত লুটপাত ডকাইতৰ


 

চিৰাঙৰ আমটেকাত চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ শূন্যলৈ গুলীচালনা কৰি অস্ত্ৰধাৰী ডকাইতৰ দলে দুটাকৈ পৰিয়ালৰ পৰা নিশা লুটিলে ধন। মালিভিটাৰ ইন্দ্ৰপুৰৰ কৃষ্ণ লুইটেলৰ ঘৰৰ পৰা লুটি নিলে তিনি লাখ পঞ্চাশ হাজাৰ টকা৷ জৌমনাগুৰিৰ অবিনাশ মুছাহাৰী নামৰ আন এজন লোকৰৰ ঘৰৰ পৰা নগদ ধন আৰু সোণৰ অলংকাৰ লুটি যায়।

শূন্যলৈ কেইবাজাঁই গুলীচালনা কৰি ডকাইতি কাণ্ড সংঘটিত কৰে দলটোৱে৷ ঘটনা সংঘটিত হোৱাৰ পিছতে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইফালে জিলাখনৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই ডকাইতৰ দলৰ সন্ধানত আৰক্ষীৰ অভিযান চলি থকা বুলি জানিবলৈ দিছে৷

Post a Comment

0 Comments