কংগ্ৰেছ দল শক্তিশালী হোৱাটো দেশৰ কাৰণে প্ৰয়োজন, কংগ্ৰেছীসকলে দল সলনি নকৰিব : নীতিন গাডকাৰী

 


দেশত কংগ্ৰেছ দলে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাটো অত্যন্ত প্ৰয়োজন। অন্যথা আঞ্চলিক দলসমূহে কংগ্ৰেছক আঁতৰাই বিৰোধীৰ স্থান দখল কৰিব। এই মন্তব্য কোনো কংগ্ৰেছীৰ নেতা বা ৰাজনৈতিক বিশ্লেষকৰ নহয়; বৰঞ্চ এই মন্তব্য কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। মহাৰাষ্ট্ৰৰ পুনেত দেওবাৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰি কংগ্ৰেছীসকলক দলত্যাগ নকৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত তেওঁ প্রধানমন্ত্ৰী হোৱাৰ  দৌৰৰ পৰা নিলগত বুলিও স্পষ্ট কৰি দিয়ে।

শক্তিশালী কংগ্ৰেছ সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়াই গডকাৰীয়ে কয় – শক্তিশালী বিৰোধী গণতন্ত্ৰৰ অপৰিহাৰ্য অংশ; সেয়ে কংগ্ৰেছ দল দুৰ্বল হোৱাটো বাঞ্চনীয় নহয়। কাৰণ তেনে পৰিপ্ৰেক্ষিতত আঞ্চলিক দলসমূহে বিৰোধীৰ স্থান দখল কৰিব যি শুভ লক্ষণ নহয়। তেওঁ লগতে কয় – অটল বিহাৰী বাজপায়ীয়ে ৫০ৰ দশকত প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ পৰা সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। এনে এক সুস্থ গণতান্ত্ৰিক পৰিৱেশৰ সূচনা হোৱাৰ পোষকতা কৰি গাডকাৰীয়ে কয় – তেওঁ মনে প্ৰাণে কংগ্ৰেছ দল শক্তিশালী হোৱাতো বিচাৰে। সেয়ে তেওঁ কংগ্ৰেছীক পৰাজিত হ’লে নিৰাশ নহৈ দলতে থাকি কাম কৰি যাবলৈ আহ্বান জনায়।

শাসক আৰু বিৰোধী গণতন্ত্ৰৰ দুটা চকা বুলি আখ্যা দি গাডকাৰীয়ে কয় – নিৰ্বাচনত পৰাজিত হ’লেই দলত্যাগ কৰিব নালাগে; সকলো দলৰে ভাল দিন আহিব; দলৰ নেতা কর্মীয়ে কেৱল কাম কৰি যাব লাগে।

Post a Comment

0 Comments