"এতিয়া মিডিয়া শক্তিশালী, ছ'চিয়েল মিডিয়া সক্ৰিয়, বিক্ৰী যোৱা বিধায়কৰ কেৰিয়াৰ শেষ হ'ব।'' - মনোৰঞ্জন তালুকদাৰ


 অসমৰ ৰাজ্যসভা নিৰ্বাচনে প্ৰকট কৰিব বিশ্বাসঘাতক বিধায়কৰ পৰিচয়। বৃহস্পতিবাৰে অসমত ৰাজ্য সভাৰ দুখন আসনত অনুষ্ঠিত হ'ব নিৰ্বাচন। এই নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ফলাফল প্ৰায় স্পষ্ট হৈছে যদিও সকলোৱে বাট চাইছে বিশ্বাসঘাতকতাৰ নতুন নামকেইটালৈ।

অসমৰ ৰাজ্যসভা নিৰ্বাচন আৰু বিশ্বাসঘাতকতা– এয়া যেন নতুন ঘটনা নহয় অসমৰ ৰাজনীতিত। অসমত যেতিয়াই ৰাজ্যসভাৰ নিৰ্বাচন হয়, তেতিয়াই সন্মুখলৈ আহে বিশ্বাসঘাতকতাৰ নতুন নতুন পৰিচয়। পূৰ্বতে যি সকলে ৰাজ্যসভা নিৰ্বাচনত শাসক পক্ষৰ ফান্ডত ভৰি দি নিজ দলক বিশ্বাসঘাতকতা কৰিছিল, তেওঁলোকে তাৰ পিছৰ পৰা আৰু বিধায়ক হ'ব পৰা নাই। অৱশ্যে পূৰ্বতে শাসক আছিল কংগ্ৰেছ। আৰু সেই কংগ্ৰেছৰ ফান্ডত ভৰি দিছিল বিজেপিৰ ৰুমী নাথ, কাৰ্তিক সেন সিনহা, অভিজিৎ হাজৰিকা। এআইইউডিএফৰ আটাউৰ ৰহমান মাঝাৰভূঞা, ৰছুল হক বাহাদুৰ। অগপৰ আব্দুল আজিজ, আব্দুল জাব্বৰ।

ৰাজ্য সভাত (Rajya Sabha Polls) দলীয় প্ৰাৰ্থীৰ বিপক্ষে ভোটদান কৰি ৰাইজৰ ৰোষত পৰা এই নেতাসকলে এতিয়াও পুনৰ বিধায়ক হ'বলৈ আপ্ৰাণ চেষ্টা চলাই আছে যদিও ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে। বিশ্বাসঘাতকসকলে ৰাজনীতিত পুনৰ মূৰ দাঙি উঠিব পৰা নাই বুলি NEWS18ক জনাই সৰভোগ সমষ্টিৰ চিপিআই (এম)ৰ বিধায়ক মনোৰোঞ্জন তালুকদাৰে।

এইবাৰৰ নিৰ্বাচনত বিশ্বাসঘাতকতা কৰা বিধায়ককো ৰাইজে এসেকা দিব বুলি কয় বাঁওপন্থী বিধায়কগৰাকীয়ে। মনোৰঞ্জন তালুকদাৰৰ মতে এতিয়াৰ ৰাইজ আৰু সচেতন, মিডিয়া শক্তিশালী, ছ'চিয়েল মিডিয়া সক্ৰিয়, তেনে স্থলত বিশ্বাসঘাlক বিধায়কৰ সাৰি যোৱাৰ কোনো সুৰুঙা নাই। অসমৰ ৰাইজেও বাট চাইছে এইবাৰৰ বিশ্বাসঘাতকতা কৰা নতুন নামকেইটালৈ।

ৰাজ্য সভাৰ নিৰ্বাচনৰ ফলাফল সকলোৱে অনুমান কৰিব পাৰিছে। তথাপি প্ৰাৰ্থী যিহেতু তিনিজন,  সেয়ে নিৰ্বাচনটো হ'বই। এই নিৰ্বাচনত নিজ দলৰ পছন্দৰ প্ৰাৰ্থীক যিয়ে ভোট নিদিয়ে, তেওঁৱে হ'ব নতুন বিশ্বাসঘাতক। এনে বিশ্বাসঘাতক আগেও আছিল আৰু জম্ম হৈয়েই থাকিব বুলি উল্লেখ কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে (Manoranjan Talukdar)। সেয়ে নহয় মনোৰঞ্জন তালুকদাৰৰ স্পষ্ট অভিযোগ– এচাম বিধায়কে ৰাজ্যসভা নিৰ্বাচন আহিলে টকা ঘটিব পাৰিম বুলি আনন্দ পায়। সেই বাবেই নিজকে বিধায়ক বুলিও পৰিচয় দিবলৈ লাজ লাগে বুলি কয় চিপিআই(এম) ৰ বিধায়ক মনোৰোঞ্জন তালুকদাৰে।

Post a Comment

0 Comments