গাড়ীগাঁও ধৰ্ষণ কাণ্ডৰ মাষ্টাৰমাইণ্ড বিকি আলীৰ এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ


আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছিল গুৱাহাটীৰ গাড়ীগাঁৱত সংঘটিত দলবদ্ধ বলাৎকাৰৰ মূল অভিযুক্ত বিকী আলী।

 গাড়ীগাঁও ধৰ্ষণ কাণ্ডৰ মাষ্টাৰমাইণ্ড বিকি আলীৰ এনকাউণ্টাৰৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ। কামৰূপ মেট্ৰ'ৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিপুল কুমাৰ দাসক দিয়া হৈছে তদন্তৰ দায়িত্ব।১৫ দিনৰ ভিতৰত তদন্ত শেষ কৰি প্ৰতিবেদন অসম মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত দাখিল কৰিব লাগিব। উল্লেখযোগ্য যে আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছিল গুৱাহাটীৰ গাড়ীগাঁৱত সংঘটিত দলবদ্ধ বলাৎকাৰৰ মূল অভিযুক্ত বিকী আলী।

Post a Comment

0 Comments