ইউক্ৰেইনত ৰাছিয়াৰ বোম চীনত কোৰোণা বোম, ভাৰতত বাজিছে বিপদ ঘণ্টা

 


বিগত কেইদনমানত চীন দেশত কোৰোণাৰ ব্যাপক সংক্ৰমণ ঘটিছে। দুখনকৈ প্ৰদেশত সম্পূৰ্ণ লকডাউন দিয়া হৈছে দেশখনত। কেৱল মঙলবাৰে চীনত ৫৬০০ৰ অধিক লোক কোৰোণাত আক্ৰান্ত হৈছিল। 

কোৰোণাৰ তৃতীয় লহৰ (Corona Third Wave) লাহে লাহে স্তিমিত হৈ অহাক লৈ দেশবাসীয়ে স্বস্তিৰ নিশ্বাস লৈছিল যদিও শেহতীয়াকৈ চীন দেশত পুনৰ কোৰোণা (Covid19 in China) বিস্ফোৰণৰ পিছত ভাৰত চৰকাৰ পুনৰ সস্তম হৈ পৰিছে। আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্য (Mansukh Mandaviya)ৰ নেতৃত্বত বিষয়াসকলৰ সৈতে এক জৰুৰী বৈঠকৰ আয়োজন কৰা হয়।

NNEWS18ক এক সূত্ৰই জনোৱা মতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যই কোৰোণা (Corona)ক লৈ সকলোকে অতি সস্তম হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে ব্যাপক হাৰত জেনোম ছিকুৱেন্সিং পৰীক্ষা আৰু নিৰীক্ষণ কাৰ্য তীব্ৰতৰ কৰি তোলাৰ বাবে নিৰ্দেশ দিছে। এই বৈঠকত স্বাস্থ্য মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াৰ লগতে, স্বাস্থ্য সচিব, ফাৰ্মা সচিব আৰু ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টাও উপস্থিত আছিল।

Post a Comment

0 Comments