সৰ্বানন্দ সোণোৱালে কেনেকৈ আদায় কৰিছিল মাজুলীৰ দলং? লোকসভাত খোদ গাডকাৰীয়ে ক’লে মাজুলী দলঙৰ আঁৰৰ কাহিনী

 


প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কথাত যোৰহাট–মাজুলী দলঙৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। হেলিকপ্টাৰত গৈ থাকোতে সোণোৱালৰ আবেগিক কথাত বান্ধ খাই ৰাজহুৱা সভাত গাডকাৰীয়ে ঘোষণা কৰিছিল যোৰহাট–মাজুলী সংযোগী দলং নিৰ্মাণ কৰাৰ কথা। লোকসভাত মাজুলী দলঙৰ আঁৰৰ কাহিনী বৰ্ণনা কৰিলে খোদ গাডকাৰীয়ে।

মঙলবাৰে লোকসভাত পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে ক’লে মাজুলী দলঙৰ আঁৰৰ কাহিনী। গাডকাৰীয়ে কয়, ‘‘এবাৰ মই সোণোৱালৰ সৈতে হেলিকপ্টাৰেৰে মাজুলীলৈ গৈছিলো। গৈ থকাৰ সময়তে সোণোৱালে মোৰ হাতত ধৰি যোৰহাট–মাজুলী দলঙৰ কথা ৰাজহুৱা সভাত ঘোষণা কৰিবলৈ অনুৰোধ জনাইছিল। কৈছিল উক্ত দলংখনৰ সৈতে মাজুলীবাসীৰ আবেগ জড়িত হৈ আছে।’’

গাডকাৰীয়ে কয়, ‘‘সেই সময়ত মই দলংখনৰ কথা একো জনা নাছিলো। ক’ত হ’ব, কিমান ব্যয় হ’ব সেইবোৰ একো জনা নাছিলো। এনে অৱস্থাত দলং নিৰ্মাণ কৰাৰ ঘোষণা কেনেকৈ কৰিম বুলি কোৱাত সোণোৱালে কৈছিল, আপুনি মাথোঁ ঘোষণা কৰি দিয়ক, তেতিয়াহে নিৰ্বাচনত মই জিকিম। দলংখনক লৈ ৰাইজ অসন্তুষ্ট হৈ আছে। যদি ঘোষণা নকৰে মই হাৰি থাকিম।’’

Post a Comment

0 Comments