আই পি এছ আনন্দ মিশ্ৰক ক্ৰীড়া বিভাগত দিয়া হৈছে নিযুক্তি। ক্ৰীড়া বিভাগত এটা নতুন পদ সৃষ্টি কৰি আনন্দ মিশ্ৰক নিযুক্তি দিয়া হয়। তেওঁক বিভাগটোত সহকাৰী মহাপৰিদৰ্শক (AIG, SPORTS)ৰূপে নিযুক্তি দিয়া হৈছে। এতিয়া নতুনকৈ সৃষ্টি কৰা এই পদত থাকি ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ দায়িত্ব পালন কৰিব আনন্দ মিশ্ৰই (IPS Anand Mishra)। উল্লেখ্য, ইয়াৰ পূৰ্বে আই পি এছ বিষয়াগৰাকী নগাঁৱৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্ত আছিল।
উল্লেখ্য, ২২ জানুৱাৰীত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ বাবে নগাঁও আৰক্ষীৰ
এণ্টি নাৰ্কোটিক স্কোৱাডৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদৰ জোৱাৰ উঠিছিল।তদন্ত
কমিটীৰ প্ৰতিবেদনৰ পিছতো এনকাউণ্টাৰত আহত প্ৰাক্তন ছাত্ৰনেতা কীৰ্তিকমল
বৰাক নিৰ্দোষী বুলি মানি নলওঁ বুলি সংবাদ মাধ্যমত দিয়া বিবৃতিৰ পিছতে তেওঁক
তাৎক্ষণিকভাৱে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ মাতি পঠিওৱা হৈছিল।
0 Comments