লক্ষ্য ৰাজ্যসভাৰ নিৰ্বাচন! ৰহাৰ বিধায়ক শশীকান্ত দাসৰ ঘৰলৈ আহিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা


 দেওবাৰে পুৱাই ৰহা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাসৰ ঘৰলৈ আগমন ঘটিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। শণিবাৰে নিশা দিছপুৰৰ এক বিশেষ সূত্ৰৰ পৰা এই খবৰ জানিব পৰা গৈছে। News18 অসমৰ হাতত পৰা তথ্য অনুসৰি, বিধায়ক শশীকান্ত দাসৰ ঘৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু বিজেপিৰ কেইবাগৰাকীও নেতা দেওবাৰে পুৱাই উপস্থিত হ'ব।

বিধায়ক গৰাকীৰ ঘৰত এক চাহমেলত অংশগ্ৰহণ কৰাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰহাৰ জোঙাল বলহু গড় পৰিদৰ্শন কৰিব। জোঙাল বলহু গড়ৰ উন্নয়ণৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী সাহায্য আগবঢ়োৱাৰো সম্ভাৱনা আছে। উল্লেখযোগ্য যে, উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ সৈতে থাকিম বুলি পূৰ্বতে ঘোষণা কৰা ৰহাৰ বিধায়ক শশী দাসক শেহতীয়াভাৱে কংগ্ৰেছ নেতৃত্বই পুনৰ আদৰি লোৱাৰ বাবে যো-জা চলাইছে। ইতিমধ্যে কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী ৰিপুণ বৰাক জয়ী কৰাবলৈ দলে থ্ৰী লাইন হুইপো জাৰি কৰিছে। পিছে ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে হঠাৎ মুখ্যমন্ত্ৰীগৰাকীৰ ৰহা গমনৰ বাতৰিয়ে চিন্তিত কৰি তুলিছে কংগ্ৰেছৰ শীৰ্ষ মহলক।

Post a Comment

0 Comments