অসমৰ প্ৰথমগৰাকী মহিলা কবি আই পদ্মপ্ৰিয়াৰ জীৱনভিত্তিক উপন্যাস উন্মোচন

 


অসমৰ প্ৰথমগৰাকী মহিলা কবি আই পদ্মপ্ৰিয়াৰ জীৱনৰ আৰ্হিত ৰচিত ড° নিৰুপমা মহন্তৰ উপন্যাস "পদ্মপ্ৰিয়া- বাঢ়ৈমৰাৰ বসন্তবীণা" দেওবাৰে উন্মোচন কৰা হয়। ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় এই উপন্যাস।

সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট গৱেষক সাহিত্যিক ড° নিৰুপমা মহন্তই (Dr. Nirupama Mahanta) ১৬ শতিকাৰ অসমৰ প্ৰথম মহিলা কবি আই পদ্মপ্ৰিয়াৰ জীৱনৰ আধাৰত "পদ্মপ্ৰিয়া- বাঢ়ৈমৰাৰ বসন্তবীণা" উপন্যাসখন লিখি উলিয়াইছে।

লেখিকা ড০ নিৰুপমা মহন্তই কয় যে ১৬ শতিকাত মহিলা শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ আধ্যাত্মিক শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত ইতিহাস ৰচনা কৰিছিল অসমৰ প্ৰথমগৰাকী মহিলা কবি আই পদ্মপ্ৰিয়াই (First Female Poet of Assam)। সেইগৰাকী মহিলাৰ প্ৰেৰণাৰে উদ্বুদ্ধ হৈ এই উপন্যাসখন ৰচনা কৰা হৈছে।

উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে অসম সত্ৰ মহাসভাৰ সত্ৰাধিকাৰ লীলা মহন্ত, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু (Dr. Ranoj Pegu), বিশিষ্ট সাহিত্যিক তথা লেখিকা ড° ৰীতা চৌধুৰী, বিশিষ্ট সাহিত্যিক তথা কবি ড° কৰবী ডেকা হাজৰিকা ,অসম লেখিকা সন্থাৰ সভানেত্ৰী মৃদুলা শৰ্মাকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। আনহাতে, নিৰুপমা মহন্তৰ কনিষ্ঠ পুত্র শ্যাম কানু মহন্তই শিক্ষামন্ত্ৰীক পদ্মপ্ৰিয়াৰ জীৱনী পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ  বাবে আহ্বান জনায়।

Post a Comment

0 Comments