‘মামা আমাক ইয়াৰ পৰা লৈ যাওক’ - মুখ্যমন্ত্ৰীক অনুৰোধ ইউক্ৰেইনত থকা অসমীয়া ছাত্ৰ-ছাত্ৰীৰ

 


ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে ইউক্ৰেইনত ৰুছ সেনাৰ আক্ৰমণ। ৰুছ সেনাৰ আক্ৰমণত নিহত হৈছে ইউক্ৰেইনৰ বহু নিৰীহ জনতা। বিশেষকৈ ইউক্ৰেইনৰ খাৰ্কিভ আৰু কীয়েভত পৰিছে এটাৰ পিছত আনটো মিছাইল। নিমিষতে ধ্বংস হৈছে বহু আৱাসিক গৃহ। ইতিমধ্যে খাৰ্কিভ চহৰত ৰুছ সেনাৰ মিছাইল আক্ৰমণত নিহত হৈছে ভাৰতীয় ছাত্ৰ নবীন। পুৱা খাৰ্কিভৰ মেয়ৰৰ কাৰ্যালয়ত খাদ্য সংগ্ৰহৰ বাবে শাৰী পাতোতেই দুৰ্ভাগ্যজনক ভাৱে মৃত্যুক সাবটি লৈছে নবীনে। কিন্তু এই খাৰ্কিভ আৰু কীয়েভ চহৰত বৰ্তমানেও আৱদ্ধ হৈ আছে বহু অসমীয়া ছাত্ৰ-ছাত্ৰী।

যুদ্ধবিধস্ত ইউক্ৰেইনৰ চুমি ষ্টেটতো বহু অসমীয়া ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ আছে। ইউক্ৰেইনত আৱদ্ধ অসমীয়া ছাত্ৰ-ছাত্ৰী সকলে এটি হোৱাটছ গ্ৰুপৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ভিডিঅ' কলৰ জৰিয়তে যোগাযোগ কৰিছে। অসমীয়া ছাত্ৰ-ছাত্ৰী সকলে হোৱাটছ গ্ৰুপত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক মামা বুলি সম্বোধন কৰি লিখিছে, "মামা আমাক সোনকালে ইয়াৰ পৰা লৈ যাঁওক।"

ছাত্ৰ-ছাত্ৰী সকলৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকক সাহস প্ৰদান কৰি কৈছে, "তোমালোক সকলোকে আমি সোনকালে উদ্ধাৰ কৰিম। মাথোঁ এইকেইদিন বাহিৰলৈ নাযাবা। ঘৰতে সুৰক্ষিত হৈ থাকা। আমি ব্যৱস্থা কৰি আছো।" মুখ্যমন্ত্ৰীগৰাকীৰ পৰা পোৱা এই আশ্বাসে সকলো ছাত্ৰ-ছাত্ৰীকে উৎসাহিত কৰিছে।

Post a Comment

0 Comments