''অল-কায়দাৰ খলিফা ৰাষ্ট্রৰ মেপত অসম''- বিজেপিৰ সংবাদমেলত কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু আমছুৰ নীৰৱতাক সমালোচনা


 ''সন্ত্রাসবাদৰ আন্তঃৰাষ্ট্ৰীয় প্লেটফৰ্ম হাক্কানী নেটৱৰ্কৰ আৰ্হিত অসমতাে অল কায়দা ইন ইণ্ডিয়ান ছাব কন্টিনেন্টে (AQIS) চৰ চাপৰিৰ মাদ্ৰাছাসমূহত ইছলামীয় সন্ত্রাসবাদী সংগঠনৰ বাবে শ্লিপাৰ চেলৰ বিশাল নেটৱৰ্ক গঢ়ি তােলাৰ কাম তীব্র গতিত চলাই আছে। যােৱা কেইবাবছৰ ধৰি এই কাম চলি থকা বুলি জনা যায়।'' BJPৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত আয়ােজিত এক সংবাদ মেলত ৰাজ্যিক বিজেপিৰ মুখপাত্রদ্বয় ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু ডঃ মমিনুল আৱালে এই বিস্ফোৰকঅভিযােগ উত্থাপন কৰে।

উল্লেখ্য যে বৰপেটাৰ ঢকালিয়াপাৰা মাদ্রাছাক কেন্দ্ৰ কৰি চলি থকা সন্ত্রাসবাদী সংগঠনৰ এক বিশাল নেটৱৰ্ক অসম আৰক্ষীয়ে উৎখাত কৰাৰ লগতে সন্ত্রাসবাদী কামৰ লগত জড়িত ৫ জন লােকক ইতিমধ্যে গ্রেপ্তাৰ কৰাৰ প্রসংগ উত্থাপন কৰি বিজেপিৰ মুখপাত্রদ্বয়ে চৰ-চাপৰিৰ অধিকাংশ মাদ্ৰাছাতে সন্ত্রাসবাদী নেটৱৰ্ক সক্রিয় হৈ থকাৰ কথা উল্লেখ কৰে।

Post a Comment

0 Comments