ভোটাৰৰ মিশ্ৰিত সঁহাৰি! ঠায়ে ঠায়ে কংগ্ৰেছ-বিজেপি কৰ্মীৰ সংঘাত, অন্ত পৰিল পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

 


অন্ত পৰিল পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। বিয়লি ৪ বজাৰ লগে লগে ভোটাৰৰ মিশ্ৰিত সঁহাৰিৰ মাজেৰে অন্ত পৰিল ভোটগ্ৰহণ। এইবাৰৰ পৌৰসভা নিৰ্বাচনত প্ৰায় সাধাৰণ নিৰ্বাচনৰ দৰেই হাইভল্টেজ নিৰ্বাচনী প্ৰচাৰ চলাইছিল শাসকীয় বিজেপিয়ে। বিজেপিৰ তুলনাত বিৰোধীৰ প্ৰচাৰ আছিল একেবাৰে শামুকীয়া গতিৰ।

দেওবাৰে সম্পন্ন হয় ২৪ খন জিলাৰ ৮০খন পৌৰসভাৰ ৯৭৭টা ৱাৰ্ডৰ ভোটগ্ৰহণ। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ মিশ্ৰিত সঁহাৰি পৰিলক্ষিত হয়। অঞ্চল বিশেষে কিছু বিক্ষিপ্ত ঘটনা ঘটিছিল যদিও পুৱাৰে পৰা প্ৰায় শান্তিপূৰ্ণ ভাবেই নিৰ্বাচন সম্পন্ন হৈছিল প্ৰায় সংখ্যক ভোটগ্ৰহণ কেন্দ্ৰতে।

বিয়লি ৪ বজাৰ লগে লগে অন্ত পৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া। EVMত বন্দী ২,৫৩২জন প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য। ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে বিজেপিয়ে ইতিমধ্যে দখল কৰিছে ৬০টা ৱাৰ্ড। ২,০৪৫টা ভোটকেন্দ্ৰত EVMৰ জৰিয়তে ভোটদান সম্পন্ন হয়।

উল্লেখ্য যে, ৰাজ্যৰ কেইটামান ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাও দেখা গৈছিল। বিজেপি আৰু কংগ্ৰেছৰ দলৰ কৰ্মীৰ মাজত হতাহতি পৰ্যন্ত হৈছিল দুই এটা ভোটগ্ৰহণ কেন্দ্ৰত।

Post a Comment

0 Comments