বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন, বাজেটত ঘোষণা বিত্ত মন্ত্ৰী অজন্তা নেওগৰ, কিমান বৃদ্ধি পাব?


 পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰা বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। বাজেটত এই ঘোষণা বিত্ত মন্ত্ৰী অজন্তা নেওগৰ। বিত্ত মন্ত্ৰীয়ে কয়, ‘২০২০ চনত যেতিয়া এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছিল, তেতিয়া প্ৰতিমাহে প্ৰতিগৰাকী হিতাধিকাৰীলৈ ৮৩০ টকাকৈ সাহায্য নিৰ্ধাৰণ কৰা হৈছিল। পিছলৈ সাহায্যৰ পৰিমাণ মোটামুটি অংকত ৰাখিবলৈ ১০০০ টকালৈ বৃদ্ধি কৰা হৈছিল। বিগত বৰ্ষত মুখ্যতঃ বিটিআৰ অঞ্চলত ১.২২ লাখ নতুন হিতাধিকাৰী যোগ কৰা হৈছে। এই বৰ্ষত মই এই আঁচনিৰ অধীনলৈ ৬ লাখ অতিৰিক্ত হিতাধিকাৰীক আনিবলৈ প্ৰস্তাৱ কৰিছো।’’

‘‘এইবাৰ মই দুখীয়া লোকসকলৰ বেংক একাউণ্টত পোনে পোনে জমা কৰি থকা ৫০ ইউনিট বিদ্যুতৰ ৰাজসাহাজ্যৰ ক্ষেত্ৰত অতিৰিক্ত ২৫০ টকাকৈ দিব বিচাৰিছো। সেইবাবে পৰৱৰ্তী বিত্তীয় বৰ্ষত প্ৰতিগৰাকী হিতাধিকাৰীয়ে প্ৰতিমাহে ১২৫০ টকাকৈ পোৱাৰ বাবে যোগ্য বিবেচিত হ’ব।’’ – ক’লে অজন্তা নেওগে।

Post a Comment

0 Comments