আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন, ১৬ মাৰ্চত বাজেট

 


আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ব বাজেট অধিৱেশন। এইবাৰ বাজেট অধিৱেশনত উত্থাপন হ’ব ৯খনকৈ বিধেয়ক। ১৬ মাৰ্চত পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰী অজন্তা নেওগে।

এইবাৰ বিধানসভাৰ বাজেট অধিৱেশনলৈ গ’ল্ফ কাৰ্টত আহিব বিধায়কসকল। বিধায়ক আৱাসৰ পৰা বিধানসভালৈ গ’ল্ফ কাৰ্টেৰে আহিব বিধানসভালৈ। কোনো বিধায়কে বিধানসভালৈ বাহন লৈ আহিব নোৱাৰিব। ইতিমধ্যে বিধানসভালৈ অনা হৈছে চাৰিখনকৈ গ’ল্ফ কাৰ্ট। মহিলা চালকে চলাব এই গ’ল্ফ কাৰ্ট।

Post a Comment

0 Comments