এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ প্ৰ-পত্ৰ সংগ্ৰহৰ বাবে হেতা–ওপৰা, নিশা পদপথতে আঁঠুৱা টানি প্ৰ–পত্ৰৰ বাবে অপেক্ষা অভিভাৱকৰ

 


১৮৮২ চনত স্থাপিত ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ প্ৰথম শ্ৰেণীত আছে ৬০খন আসন। কিন্তু শ শ অভিভাৱকে নিজৰ সন্তানক বিদ্যালয়খনত নামভৰ্তি কৰাই দিবলৈ আশা পুহি ৰাখিছে।

ৰাজ্যত যি সময়ত ছাত্ৰ–ছাত্ৰীৰ অভাৱত বহু চৰকাৰী বিদ্যালয় বন্ধ হৈছে, সেই সময়তে শিৱসাগৰ চহৰৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত দেখিবলৈ পোৱা গৈছে ব্যতিক্ৰমী দৃশ্য।

শিৱসাগৰৰ ১নং টাউন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ–ছাত্ৰীৰ নামভৰ্তিৰ বাবে আবেদন পত্ৰ সংগ্ৰহ কৰিবলৈ দুদিন দিন–ৰাতি একাকাৰ কৰি প্ৰৱেশদ্বাৰৰ সন্মুখত অপেক্ষা কৰিলে অভিভাৱকসকলে।

 

Post a Comment

0 Comments