বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ অসন্তুষ্ট অগপৰ জ্যেষ্ঠ নেতা, চৰকাৰক কঠোৰ সমালোচনা ডাঃ কমলা কলিতাৰ

 


১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মিত্ৰ দল অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতা।

ছয়গাওঁ সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ডাঃ কমলা কলিতাৰ স্পষ্ট অভিযোগ বিজেপি চৰকাৰে বিগত ছয় বছৰত মহানগৰীৰ খোৱা পানীৰ সমস্যা সমাধানৰ কোনো চেষ্টাই নকৰিলে। যাৰ বাবে গুৱাহাটীৰ ৰাইজে এতিয়া খোৱা পানীৰ বাবে জিয়াতু ভুগিব লগা হৈছে বুলি কয় ডাঃ কমলা কলিতাই।

সিমানতে ক্ষান্ত নাথাকি  "পাৱে পৰি হৰি বুলি ভৰিত ধৰিছো" বুলি কয় প্ৰাক্তন অগপ মন্ত্ৰী গৰাকীয়ে। প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী ডাঃ কমলা কলিতাই কয় যে, চৰকাৰৰ সদিচ্চাৰ অভাৱত এতিয়া মহানগৰীৰ ৰাইজে নিতৌ খোৱা পানী কিনিবলগীয়া অৱস্থা হৈছে। ইফালে আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত অগপক মাত্ৰ ৭ টা ৱাৰ্ড এৰি দিয়াত ক্ষোভ প্ৰকাশ কৰিছে আঞ্চলিক দলটোৰ জ্যোষ্ঠ নেতা গৰাকীয়ে।

Post a Comment

0 Comments