''এতিয়াও মানুহে মানুহৰ বাবে ভাবে"– শুভাকাংক্ষীলৈ কৃতজ্ঞতা জনাই উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ ৰাওনা অভিনেতা কিশোৰ দাস


বহুদিন ধৰি জটিল ৰোগত ভুগি অসুস্থ হৈ থকা অভিনেতা কিশোৰ দাস অৱশেষত উন্নত চিকিৎসাৰ বাবে ৰাওনা হ'ল মুম্বাইলৈ। দীৰ্ঘদিন ধৰি মহানগৰীৰ 'হেলথ চিটি' নামৰ চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল তেওঁ। জটিল ৰোগত আক্ৰান্ত হৈ প্ৰায় এমাহ চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল যুৱ অভিনেতা কিশোৰ দাস (Actor Kishor Das)।

চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকি আজি উন্নত চিকিৎসাৰ বাবে যুৱ অভিনেতা কিশোৰ দাস ৰাওনা হ'ল মুম্বাইলৈ। মুম্বাইত বিশেষ চিকিৎসা গ্ৰহণ কৰিবৰ বাবে অভিনেতা কিশোৰ ৰাওনা হোৱাৰ প্ৰাকমুহুৰ্তত বৰঝাৰ বিমানবন্দৰত আত্মীয়, সহযোগী, শুভাকাংক্ষীয়ে  শুভেচ্ছা জনায়

Post a Comment

0 Comments