ইউক্ৰেইনত আবদ্ধ অসমৰ ১৬০জন, মঙলবাৰে দিল্লীলৈ উভতিল ১৩ ছাত্ৰৰ এটা দল


 ইউক্ৰেইনত আবদ্ধ অসমৰ ১৬০জন। ইয়াৰ ভিতৰত গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ আছে সৰ্বাধিক ৫৯জন। ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ মাজতে মঙলবাৰে সন্ধিয়ালৈ অসমৰ ২৮জনক উদ্ধাৰ কৰা হয়। ১৩জন ছাত্ৰৰ এটা দল মঙলবাৰে দুপৰীয়া দিল্লীত উপস্থিত হয়। ‘‘এই দলটো বুডাপেষ্ট আৰু বুখাৰেষ্টৰ পৰা ইষ্টানবুল হৈ দুখন বিমানযোগে উভতি আহে। কোনোমতে তেওঁলোকে ইউক্ৰেইনৰ আন শৰণাৰ্থীৰ সৈতে হাংগেৰী আৰু ৰোমানিয়াৰ সীমাত উপস্থিত হ’বলৈ সক্ষম হয়। সকলো বৰ্তমান সুৰক্ষিত।’’– ৰাজ্য চৰকাৰৰ এক সূত্ৰই এই কথা সদৰি কৰিছে। দুপৰীয়া ২.১৫ বজাত দিল্লীত উপস্থিত হোৱা ছাত্ৰসকলক নতুন দিল্লীৰ অসম ভৱনৰ বিষয়াই আদৰণি জনায়।

ৰাজ্য চৰকাৰৰ এক বিজ্ঞপ্তিত কোৱা হৈছে যে বিদেশ মন্ত্ৰণালয়ে উদ্ধাৰ কৰা ১৩ ছাত্ৰ অসম ভৱনত আছে আৰু দিল্লীৰ পৰা গুৱাহাটীলৈ বিমান যাত্ৰাৰ ব্যৱস্থা পৰ্যায়ক্ৰমে কৰা হ’ব।

Post a Comment

0 Comments