মহানগৰীত হেয়াৰ এণ্ড স্পা চেলুনত GMCৰ অভিযান, ভিতৰৰ চেম্বাৰত অনৈতিক অৱস্থাত ধৰা পৰিল যুৱক-যুৱতী

 


মহানগৰীৰ দ্য শ্বাৰ’ন হেয়াৰ এণ্ড স্পা চেলুনখনত আজি GMCয়ে অভিযান চলায়।
পৌৰ নিগমৰ বিষয়া কুমাৰ পাৰ্থ প্রতিমৰ নেতৃত্বত চলা এই অভিযানত
সন্দেহজনক অৱস্থাত যুৱক-যুৱতী ধৰা পৰে (Boy and Girl caught in suspicious condition)।

দীৰ্ঘদিন ধৰি এই হেয়াৰ এণ্ড স্পা চেলুনখনত অনৈতিক কাৰ্য চলাৰ অভিযোগ উত্থাপন হৈ আছিল (allegations of unethical practices)। আনহাতে জিএমচি কৰ্তৃপক্ষই  গুৱাহাটীৰ ইউনিছেক্স পাৰ্লাৰৰ  ক্ষেত্ৰত কিছুমান নীতি-নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু এই নতুন নীতি নিৰ্দেশনা অমান্য কৰিছিল দ্য শ্বাৰ’ন হেয়াৰ এণ্ড স্পা চেলুনে (GMC Raid in Spa Salon)।

অভিযানকালত চেলুনৰ এটা চেম্বাৰত এগৰাকী ছোৱালী উপস্থিতিত এগৰাকী যুৱকে নগ্ন অৱস্থাত গা ধুই থকা প্ৰত্যক্ষ কৰে অভিযানকাৰী দলে। এই ঘটনাত তিনিগৰাকী যুৱতীসহ এগৰাকী যুৱকক আৰক্ষীয়ে কৰায়ত্ত কৰিছে। উল্লেখ্য, দ্য শ্বাৰ’ন হেয়াৰ এণ্ড স্পা চেলুনৰ কোনো ট্ৰেড লাইচেন্স নাই বুলি জানিব পৰা গৈছে।

Post a Comment

1 Comments

  1. How to Get Started with Poker in Casino | Trick Tactoe
    When playing casino games, choose the right player and place 먹튀 검증 업체 the bet. 스마일토토 You should 안전 토토사이트 also 검증사이트 know that the first player 포커 게임 is dealt

    ReplyDelete