শ্ৰেণী কোঠাত হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী, নাজিৰাৰ বিদ্যালয়ত হাহাকাৰ পৰিৱেশ


 শিৱসাগৰ জিলাৰ নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঘটন। শ্ৰেণীকোঠাত হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী। বিদ্যালয়খনৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত তিনিগৰাকী ছাত্ৰী ক্ৰমে জেচমিন বেগম, চুমচুমি গগৈ আৰু চুলতানা আহমেদ অকস্মাৎ অসুস্থ হৈ পৰে৷ পাঠদান চলি থকাৰ মাজতে হঠাৎ ঢলি পৰে ছাত্ৰীকেইগৰাকী।

অসুস্থ ছাত্ৰী কেইগৰাকীক ততাতৈয়াকৈ নাজিৰা মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও নাজিৰা অসামৰিক চিকিৎসালয়ত বিচনাৰ অভাৱত প্ৰথমে পকা মজিয়াতে ৰাখিব লগা হয় ছাত্ৰী কেইগৰাকীক৷ ইয়াৰ আগতেও বিদ্যালয়খনত অধ্যয়নৰত পাঁচগৰাকীকৈ ছাত্ৰী এনেদৰে অসুস্থ হৈ চিকিৎসাধীন হৈছিল৷ বিদ্যালয়খনত কি কাৰণত এনে ঘটনা সঘনাই সংঘটিত হৈছে সেই কথা এতিয়াও পোহৰলৈ অহা নাই৷

Post a Comment

0 Comments