'মুছেৱালা যেইছা কৰ দুংগা'... ছলমান খান আৰু পিতৃলৈ মৃত্যুৰ ভাবুকিৰে পত্ৰ, নিশ্ছিদ্ৰ সুৰক্ষা ব্যৱস্থাত খান পৰিয়াল


 মহাৰাষ্ট্ৰৰ গৃহ বিভাগে অভিনেতা ছলমান খান আৰু তেওঁৰ দেউতাক চেলিম খানৰ নিৰাপত্তা বৃদ্ধি কৰিছে। আজি মুম্বাই আৰক্ষীৰ বিষয়াই তেওঁলোকৰ বাসভৱন নিৰীক্ষণ কৰি সুৰক্ষা ব্যৱস্থাত গুৰুত্ব দিছে। উল্লেখ্য, মুম্বাই আৰক্ষীয়ে কেইদিনমান পূৰ্বে ছলমান খানলৈ মৃত্যু ভাবুকিৰ সন্দেহ কৰি সুৰক্ষা ব্যৱস্থা আৰু কঠোৰ কৰাৰ কথা কৈছিল যদিও কালি দেওবাৰে ছলমান (Salman Khan) আৰু তেওঁৰ পিতৃ ছেলিম খানলৈ এখন ভাবুকিপূৰ্ণ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে বিষয়টোক লৈ গুৰুত্ব আৰোপ কৰা হৈছিল।

উল্লেখ্য, দেওবাৰে ছেলিম খানে (Salim Khan) পুৱা সুৰক্ষা কৰ্মীৰ সৈতে ওলাই গৈছিল আৰু তেওঁ সাধাৰণতে য'ত বহিছিল তাতেই ভাবুকিপূৰ্ণ চিঠিখন পোৱা গৈছিল। তাত লিখা আছিল- 'মুছেৱালা যেইছা কৰ দুংগা'।

Post a Comment

0 Comments