গান্ধীৰ লগতে টকাত ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল কালামৰ ফটো চপা কৰাৰ চিন্তা ৰিজাৰ্ভ বেংক, বিত্ত মন্ত্ৰণালয়ৰ


 জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে কাগজৰ মুদ্ৰাত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু দেশৰ একাদশ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ ছবি চপা কৰাৰ দিশে আগবাঢ়িছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া আৰু বিত্ত মন্ত্ৰণালয়।

বৰ্তমান সকলো ভাৰতীয় কাগজৰ মুদ্ৰাত কেৱল মহাত্মা গান্ধীৰ ফটো সন্নিৱিষ্ট কৰা হৈছিল । প্ৰথমবাৰৰ মহাত্মা গান্ধীৰ বাদে আন মহান ব্যক্তিৰ ছবি নোটত সন্নিৱিষ্ট কৰাৰ চিন্তা কৰিছে বিত্ত মন্ত্ৰণালয় আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে।

জানিব পৰা মতে, বিত্ত মন্ত্ৰণালয়ৰ অধীনত থকা Security Printing and Minting Corporation of Indiaই গান্ধী, কালাম আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ (Rabrindranath Tagore)  ৱাটাৰমাৰ্কৰ নমুনা IIT দিল্লীৰ এমিৰেটাচ অধ্যাপক দিলীপ টি সাহানিলৈ প্ৰেৰণ কৰিছে। তেওঁ পৰীক্ষা কৰি উৎকৃষ্ট নমুনা বিত্ত মন্ত্ৰণালয়লৈ অনুমোদনৰ কাৰণে প্ৰেৰণ কৰিব। উল্লেখযোগ্য যে সাহানি Electromagnetic Instrumentationৰ বিশেষজ্ঞ আৰু তেওঁক এই বছৰ পদ্মশ্ৰী প্ৰদান কৰিছে ভাৰত চৰকাৰে ।

অৱশ্যে নমুনাসমূহৰ পৰা বিত্ত মন্ত্ৰণালয় আৰু ৰিজাৰ্ভ বেংকে (Reserve Bank of India) কেৱল মহাত্মা গান্ধীৰে প্ৰতিচ্ছবি চয়ন কৰে নে তিনিওজনকে বিবেচনা কৰে, সেয়া এই মুহূৰ্ততে ক’ব পৰা নাযায় বুলি সদৰী কৰিছে শীর্ষ সূত্ৰই ।

অৱশ্যে শীৰ্ষ পৰ্যায়ৰ অনুমোদন মৰ্মে এই তিনিজন মহীৰূহৰ ৱাটাৰমাৰ্ক প্ৰস্তুত কৰা হৈছে বুলিও প্ৰকাশ কৰিছে সূত্ৰটোৱে । ২০১৭ চনতে ৰিজাৰ্ভ বেংকে ভাৰতীয় টকাক সুৰক্ষিত কৰিবলৈ আৰু ভেজাল নোটৰ চপা অসাধ্য কৰিবলৈ এই প্ৰস্তাৱ বিত্ত মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিছিল । মাৰ্কিন যুক্তৰাষ্ট্ৰ নোটসমূহতো বহুজনৰ প্ৰতিচ্ছবি সন্নিৱিষ্ট হৈ থাকে দেশখনৰ প্রথমজন ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটন, আব্ৰাহাম লিংকন, থমাছ জেফাৰচন, এন্দ্ৰীও জেকচন আদিৰ ফটো চপা হয় মাৰ্কিন মুদ্ৰাত।

Post a Comment

0 Comments