চতুৰ্থবাৰৰ বাবে EDৰ কাৰ্যালয়ত ৰাহুল গান্ধী, যন্তৰ মন্তৰত কংগ্ৰেছৰ সত্যাগ্ৰহ

 


নেচনেল হেৰাল্ড গোচৰৰ বাবে যোৱা সপ্তাহত একেৰাহে তিনি দিন সোধা-পোছাৰ অন্তত সোমবাৰে পুনৰ ইডি (Enforcement Directorate)ৰ কাৰ্যালয়ত হাজিৰ হয় প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী। তদন্তকাৰী সংস্থাই সম্প্ৰতি তেওঁক জেৰা কৰি আছে। সোমবাৰে পুৱা ১১ বজাত মধ্য দিল্লীৰ এ পি জে আব্দুল কালাম ৰোডত অৱস্থিত ইডিৰ মুখ্য কাৰ্যালয়ত চি আৰ পি এফ জোৱানৰ ‘জেড+’ শ্ৰেণীৰ নিৰাপত্তা লৈ উপস্থিত হয় ৰাহুল গান্ধী (Rahul Gandhi's Round Four Of Questioning)।

যোৱা সপ্তাহত সোমবাৰ, মঙলবাৰ আৰু বুধবাৰে ইডিৰ বিষয়াসকলে গান্ধীক (Congress leader Rahul Gandhi) একেৰাহে তিনি দিন ধৰি ৩০ ঘণ্টাৰো অধিক সময় সোধা-পোছা কৰিছিল আৰু এই সময়ছোৱাত ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (PMLA)ৰ অধীনত তেওঁৰ বক্তব্য লিপিবদ্ধ কৰা হৈছিল। যোৱা শুকুৰবাৰে তেওঁ পুনৰ তদন্ত সংস্থাৰ সন্মুখত হাজিৰ হ’বলগীয়া আছিল যদিও মাতৃ ছোনিয়া গান্ধী অসুস্থ হৈ থকা বাবে শুকুৰবাৰে (১৭ জুন) হ’বলগীয়া জেৰাৰ পৰা ৰেহাই দিবলৈ ইডিৰ তদন্তকাৰী বিষয়ালৈ পত্ৰ লিখি অনুৰোধ কৰা হৈছিল

Post a Comment

0 Comments