কুকুৰে কামৰি কামুৰি হত্যা কৰিলে ৫ বছৰীয়া এটি শিশুক, বায়েকৰ চকুৰ সন্মুখতে ঘটিল এই কাণ্ড

 


মহাৰাষ্ট্ৰৰ নাগপুৰ (Nagpur)জিলাৰ কটোল চহৰত শনিবাৰে এটি ৫ বছৰীয়া শিশুক একাংশ বাটৰুৱা কুকুৰে (Stray Dogs) আক্ৰমণ কৰি হত্যা কৰে। শিশুটিৰ বায়েকো উপস্থিত আছিল যদিও সৰু ভায়েকক বচাব নোৱাৰিলে। আৰক্ষীৰ মতে, এই কাণ্ডটো নাগপুৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত চহৰখনৰ ধনতোলি অঞ্চলৰ। কাটোল আৰক্ষীয়ে ৰুজু কৰিছে দুৰ্ঘটনাগ্ৰস্ত মৃত্যুৰ গোচৰ।

বিৰাজ ৰাজু জয়ৱাৰ নামৰ ল’ৰা এজনে বায়েকৰ সৈতে ফুৰিবলৈ ওলাইছিল, তেতিয়াই শিশুটিক কেইটামান কুকুৰে আক্ৰমণ কৰে। কুকুৰকেইটাই ৰাজুক টানি টানি এটা নিৰ্মাণস্থলীলৈ লৈ গৈছিল আৰু তাতেই কুকুৰকেইটাই ৰাজুক কামুৰি কামুৰি হত্যা (Stray Dogs Mauled Boy to Death) কৰিছিল।

Post a Comment

0 Comments