ক্ৰিকেটক বিদায় জনালে মিতালী ৰাজে, আটাইকেইটা ফৰ্মেটৰ পৰা ল’লে অৱসৰ


ক্ৰিকেটৰ আটাইকেইটা ফৰ্মেটৰ পৰা বিদায় ল’লে মিতালী ৰাজে (Mithali Raj Retirement)। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ টেষ্ট আৰু এদিনীয়াৰ অধিনায়কগৰাকীয়ে বুধবাৰে অৱসৰৰ সিদ্ধান্ত ঘোষণা কৰে। ছচিয়েল মিডিয়াত মিতালীয়ে লিখিছে, ‘‘বছৰৰ পিছত বছৰ ধৰি ইমান মৰম আৰু সমৰ্থনৰ বাবে বহুত বহুত ধন্যবাদ। এতিয়া দ্বিতীয় ইনিংছৰ বাবে সাজু হৈছো। আপোনালোকৰ শুভেচ্ছা আৰু সমৰ্থন বিচাৰিছো।’’


ইফালে, আইচিচিৰ মহিলা এদিনীয়া ৰেংকিঙৰ প্ৰথম দহত নিজৰ স্থান ধৰি ৰাখিলে মিতালী ৰাজ আৰু স্মৃতি মান্ধানাই। বলাৰৰ প্ৰথম দহত স্থান ধৰিৰাখিছে ঝুলন গোস্বামীয়ে। অলৰাউণ্ডাৰৰ তালিকাত স্থান সলনি হোৱা দীপ্তি শৰ্মাৰ। মহিলাৰ এদিনীয়া অলৰাউণ্ডাৰৰ প্ৰথম দহত স্থান আছে ঝুলন গোস্বামীৰো।

 

Post a Comment

0 Comments