মহাৰাষ্ট্ৰত ৰাজনৈতিক সংকটৰ মাজতে কোৰোণাত আক্ৰান্ত ৰাজ্যপাল ভগত সিং কোশ্যাৰী


 মহাৰাষ্ট্ৰত অব্যাহত থকা ৰাজনৈতিক সংকটৰ মাজতে ৰাজ্যপাল ভগত সিং কোশ্যাৰীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। মিডিয়া ৰিপ’ৰ্ট অনুসৰি, ৰাজ্যপাল ভগত সিং কোশ্যাৰীক এইচ এ ৰিলায়েঞ্চ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। কোৱা হৈছে যে ৰাজ্যপালগৰাকী কোৰোণাত আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে মহাৰাষ্ট্ৰত বৰ্তমান ৰাজনৈতিক সংকটে দেখা দিছে। মহাবিকাশ অঘাৰীৰ তিনি দল শিৱসেনা, কংগ্ৰেছ আৰু এনচিপিৰ মিত্ৰজোঁটৰ চৰকাৰত শিৱসেনাৰ ৩৫ গৰাকী বিধায়কে বিসম্বাদ আৰম্ভ কৰিছে। বিসম্বাদী বিধায়কৰ নেতৃত্ব দিছে মন্ত্ৰী তথা শিৱসেনাৰ নেতা একনাথ শিন্দেই।

শিন্দেৰ নেতৃত্বত ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে ৪০জন বিধায়ক। গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত বাহৰ পাতিছে এই বিধায়কসকলে। আজি পুৱাই বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হয় মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল।

Post a Comment

0 Comments