কে কে আৰৰ অধিনায়ক শ্ৰেয়স আয়াৰে কিনিলে নতুন গাড়ী, আছে লেম্বৰঘিনি–অ’ডিৰ দৰে কাৰ কালেকশ্যন


 কেকেআৰৰ অধিনায়ক হিচাপে প্ৰথম বছৰ খালী হাতে উভতিবলগীয়া হৈছে। চেম্পিয়ন কৰিব নোৱাৰিলে দলক। নিজৰ প্ৰদৰ্শন খুব বেয়া নহ’লেও, খুব ভালো নাছিল। কিন্তু শ্ৰেয়স আয়াৰ যে ভাৰতীয় ক্ৰিকেটৰ আগন্তুক দিনৰ ছুপাৰষ্টাৰ তাক লৈ সন্দেহ নাই। ক্ৰিকেটৰ বাহিৰে জীৱন উপভোগ কৰিবলৈ পছন্দ কৰে তেওঁ। ভাৰতৰ তাৰকা ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰে কিনিলে এখন নতুন Mercedes-AMG G 63 4MATIC SUV গাড়ী।

এই গাড়ীখনৰ দাম ২.৪৫ কোটি টকা। নতুন এছইউভিৰ সৈতে শ্ৰেয়স আয়াৰৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। মুম্বাইৰ মাৰ্চিডিজ বেঞ্জ লেণ্ডমাৰ্ক কাৰে তেওঁৰ গাড়ীখনৰ এখন ফটো শ্বেয়াৰ কৰিছে। সম্প্ৰতি, শ্ৰেয়স আয়াৰক আইপিএল ২০২২ত কলকাতা নাইট ৰাইডাৰ্ছ ফ্ৰেঞ্চাইজীৰ অধিনায়কত্ব কৰা দেখা গৈছে।

আয়াৰক ১২.২৫ কোটি টকাৰ বিনিময়ত দলত লৈছিল কলকাতা নাইট ৰাইডাৰ্ছে। অন্যান্য ক্ৰিকেটাৰসকলৰ দৰে আয়াৰৰো দামী গাড়ীৰ প্ৰতি চখ আছে। তেওঁৰ গেৰেজত আছে Lamborghini Huracan Supercar, Audi RS5ৰ দৰে গাড়ী। ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি লেণ্ডমাৰ্ক কাৰছ মুম্বায়ে লিখিছে, ভাৰতীয় ক্ৰিকেটাৰ মিষ্টাৰ শ্ৰেয়স আয়াৰক অভিনন্দন, এখন নতুন মাৰ্চিডিজ–বেঞ্জ জি৬৩ ঘৰলৈ নিয়াৰ বাবে।

Post a Comment

0 Comments