বঙাইগাঁৱত মথাউৰি পৰিদৰ্শন পীযূষ হাজৰিকাৰ, কংগ্ৰেছক সমালোচনা কৰি ক’লে – কংগ্ৰেছে এতিয়া গণবিচ্ছিন্ন


 কংগ্ৰেছক পূজা-পাতল কৰিবলৈ পৰামৰ্শ মন্ত্ৰী পীযূষ হাজৰিকাৰ৷ কংগ্ৰেছক গণবিচ্ছিন্ন আখ্যা দি মন্ত্ৰী হাজৰিকাই কয় যে কংগ্ৰেছ দল এতিয়া হিন্দু-সনাতনী সংস্কৃতিৰ পৰা বহু আঁতৰলৈ গুছি গৈছে। ফলত কংগ্ৰছে বিগত নিৰ্বাচনসমূহত ধাৰাবাহিকভাৱে বেয়াকৈ মুখথেকেচা খাবলগীয়া হৈছে। আনহাতে, কংগ্ৰেছক পূজা–পাতলৰ পৰামৰ্শ দি তেঁও কয় যে কংগ্ৰেছে বৰ্তমান পূজা পাতল কৰা উচিত ৷ কিন্তু  বেধৰ্মী যাতে সোমাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখা উচিত।

বঙাইগাঁও জিলাৰ হুৰামাৰাত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰিবলৈ শনিবাৰে উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকা। উক্ত মথাউৰিটোৰ কামৰ বিপৰীতে বিত্তীয় অনুমোদন পলম হোৱাত মথাউৰি নিৰ্মাণৰ কাম কিছু পলম হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।


মন্ত্ৰী হাজৰিকাই মাণিকপুৰৰ বাশবাৰীকে ধৰি বিভিন্ন স্থানৰ আই নৈৰ খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন কৰে৷ ইফালে উত্তৰ অভয়াপুৰীৰ কংগ্ৰেছ দলৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰৰ সন্মুখতে মন্ত্ৰী হাজৰিকাই দলটোক সমালোচনা কৰিলেও চৰকাৰৰ কাম-কাজত সন্তুষ্টি ব্যক্ত কৰে৷

Post a Comment

0 Comments