মহানগৰীত দিন–দূপৰতে চোৰৰ দপদপনি, বশিষ্ঠ আৰক্ষীৰ জালত তিনি গভাইত চোৰ

 


মহানগৰীত চোৰৰ টিঘিলঘিলনি। প্ৰত্যক দিনে মৰসাহ দেখুৱাই চোৰে চলাইছে অভিযান।  আৰক্ষীক চেলেঞ্জ কৰা তিনি চোৰ আলহী হ’ল ৰঙা ঘৰৰ। দিনৰ পোহৰতে এই চোৰৰ দলটোৱে চুৰি কৰিছিল বেটাৰী, টাইলছ কটা আৰু কাঠ কটা মেচিন। ৰাইজৰ সহযোগত মহানগৰীৰ গণেশনগৰৰ পৰা বশিষ্ঠ মন্দিৰ আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰিলে তিনি বেটাৰী চোৰক। তিনি চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে ৫টা বেটাৰী, এখন ই–ৰিক্সা, দুটা মেচিন আৰু এখন জখলা।

দিনৰ পোহৰতে মৰসাহ দেখুৱাই গণেশ নগৰত চুৰি কৰিছিল বেটাৰী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি চোৰৰ নাম আব্দুল আলী, ধন ৰাভা আৰু আব্দুল হক। আব্দুল আলী আৰু আব্দুল হকৰ ঘৰ বৰপেটাত, পেছাত এজন চালক, এজন মেকানিক। পূৰ্বৰে পৰা চুৰি কাৰ্যত জড়িত আছিল তিনিওজন। উল্লেখযোগ্য যে বিগত কেইটামান দিনত মহানগৰীৰ অন্য প্ৰান্তকে ধৰি গণেশ নগৰ, বশিষ্ঠ অঞ্চলতো সংঘটিত হৈ আহিছিল চুৰিকাৰ্য।

Post a Comment

0 Comments