ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰী! দেশৰ বিভিন্ন প্ৰান্তত একেই সময়তে CBIৰ দলৰ অভিযান


 দেশৰ বিভিন্ন প্ৰান্তত একেই সময়তে CBIৰ দলৰ অভিযান ৷ শিলচৰ, শ্বিলং, গুৱাহাটী, গুৰুগ্ৰাম, বাংগালুৰুত অভিযান CBIৰ ৷ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত সংঘটিত এটা বৃহৎ কেলেংকাৰী সন্দৰ্ভত চলিল এই অভিযান ৷

অসম-মেঘালয় আৰু মিজুৰামৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত সংঘটিত হৈছিল কেলেংকাৰী ৷ ২০০৮ৰ পৰা ২০১০ৰ ভিতৰত সংঘটিত হৈছিল এই কেলেংকাৰী ৷ ঠিকা লাভ কৰা প্ৰতিষ্ঠানৰ পৰা মাহিলি ধন সংগ্ৰহৰ অভিযোগ NHAIৰ বিষয়াৰ বিৰুদ্ধে ৷ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাৰ বাবে মাহিলি ১ লাখকৈ সংগ্ৰহ কৰিছিল NHAIৰ বিষয়াই ৷

ৰাথমিক তদন্তত এই কেলংকাৰীত নাম সোঙৰ খাইছে NHAI আৰু এটা প্ৰতিষ্ঠানৰ নাম ৷ ঠিকা লাভ কৰা প্ৰতিষ্ঠানটোৰ নাম হৈছে G.R ইনফ্ৰা প্ৰকল্প ৷ ইতিমধ্যে ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰণ আৰু জি আৰ ইনফ্ৰা প্ৰকল্পৰ বহুকেইজনক গ্ৰেপ্তাৰ  কৰা হৈছে। আনহাতে ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰণৰ ৪জন আৰু ইনফ্ৰা প্ৰকল্পৰ বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰণৰ বিষয়া কেইজন হৈছে আঞ্চলিক বিষয়া আলোক কুমাৰ ৷ গাণণিক বিষয়া দীপক দাস, সহকাৰী প্ৰবন্ধক মনোজ কুমাৰ আৰু সহকাৰী প্ৰৱন্ধক মনোজ মহাপাত্ৰক গ্ৰেপ্তাৰ CBIৰ ৷

Post a Comment

0 Comments