আশাৰ ৰেঙণি! ঔষধ পৰীক্ষণত প্ৰথমবাৰলৈ প্ৰতিগৰাকী ৰোগীয়ে প্ৰতিহত কৰিলে কৰ্কট ৰোগ


 

নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি, অতি সৰু এই পৰীক্ষণত ১৮ জন ৰোগীয়ে প্ৰায় ছয় মাহৰ বাবে ডষ্টাৰলিমাব (Dostarlimab) নামৰ ঔষধ গ্ৰহণ কৰিছিল।

কৰ্কট ৰোগ বৰ্তমান পৃথিৱীৰ বাবেই এক ডাঙৰ ভাবুকিস্বৰূপ হৈ পৰিছে। সেইদৰে চিকিৎসা বিজ্ঞানেও প্ৰতিদিনে ন ন চিন্তাৰ উদ্ভৱ কৰিছে। ইয়াৰ মাজতে, এনে এক ঔষধ পৰীক্ষণ কৰা হৈছে যিয়ে প্ৰতিজন ৰোগীয়ে কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে। মলদ্বাৰত হোৱা কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ঔষধ এটাৰ প্ৰাৰম্ভিক পৰীক্ষণত অন্তৰ্ভুক্ত কৰা ১৮ জন ৰোগীয়ে ৰোগটোৰ পৰা পৰিত্ৰাণ পাইছে।

নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদন অনুসৰি, অতি সৰু এই পৰীক্ষণত ১৮ জন ৰোগীয়ে প্ৰায় ছয় মাহৰ বাবে ডষ্টাৰলিমাব (Dostarlimab) নামৰ ঔষধ গ্ৰহণ কৰিছিল আৰু অৱশেষত, তেওঁলোকৰ প্ৰত্যেকৰে টিউমাৰ নাইকিয়া হোৱা দেখিছিল।

Post a Comment

0 Comments