ক্ৰমাগতভাৱে সমগ্ৰ বিশ্বজুৰি বৃদ্ধি পোৱা বন ধ্বংসই জীৱকূললৈ কঢ়িয়াইছে বিপদ ৷ বন ৰক্ষা আৰু প্ৰকৃতি সুৰক্ষাৰ অৰ্থে ৫ জুনত সমগ্ৰ বিশ্বজুৰি পালন কৰা হ'ব পৰিবেশ দিৱস (World Environment Day) ৷ পিছে বিশ্ব পৰিবেশ দিৱসৰ পূৰ্বে অসমৰ এখন গাঁৱত অনুষ্ঠিত হৈছে এখন বিশেষ বিবাহ। এই বিবাহ অসমৰ বন ৰক্ষা আৰু প্ৰকৃতিৰ সৈতে মানুহৰ সহৃদয়তা আৰু আত্মিক সম্পৰ্কৰ এক জীয়া কাহিনী। এই বিয়া দুডোপা গছৰ বিয়া (Tree Wedding)।
বিবাহ উপলক্ষে দৰা-কইনাৰ দৰেই আয়তীসকলে দুজোপা গছত সানিছে মাহ-হালধি ৷ দৰা-কইনাৰ দৰেই আয়তীসকলে নোৱাইছে-ঢুৱাইছে গছ দুজোপাক ৷ আয়তীৰ জাক জাক বিয়া নাম আৰু উৰুলিৰ লগতে সমগ্ৰ গাঁওবাসীৰ আজি এইখন বিবাহক লৈ ভীষণ ব্যস্ততা ৷ এয়া বৰপেটা (Barpeta) জিলাৰ কেওটকুছি গাঁৱৰ ঘটনা।
0 Comments