চিৰিয়াখানা চাবলৈ যাওতে সাৱধান! কিয়, চাই লওক এই ভিডিঅ'


 চিৰিয়াখানা চাবলৈ যোৱাটো সকলোৰেই চখ। কিন্তু চিৰিয়াখানাত জীৱ-জন্তু (Zoo Animals) viral viচোৱাৰ সময়ত সাৱধান হোৱাটো নিতান্তই জৰুৰী। কৰ্তৃপক্ষই সতৰ্কতামূলক বাণী লিখি থোৱাই থাকে চিৰিয়াখানাৰ ভিতৰত। কিন্তু বহু সময়ত বহু লোকে সাৱধানবাণী নুশুনি বিপদত পৰা দেখা যায়। সেয়ে চিৰিয়াখানা চোৱাৰ সময়ত সাৱধানে থকাটো হৈছে উত্তম উপায়। তলৰ ভিডিঅ' (Viral Video)টো চালেই আপুনি বুজিব-

ভিডিঅ'টোত চিৰিয়াখানা (zoo)ত এটা ওৰাংওটানে (Orangutan) এজন লোকৰ টি ছাৰ্টত ধৰি মানুহজনক প্ৰায় গবা মাৰি ধৰিছে। একো কৰিয়ে মানুহজনে তাৰ কব্জাৰ পৰা ওলাব পৰা নাই। আন এজন লোক সহায়ৰ বাবে আহিছে যদিও ওৰাংওটানটোৱে তেওঁকো আক্ৰমণ কৰি খেদিছে।

অৱশ্যে ভিডিঅ'টো দেখালৈকে ওৰাংওটানটোৱে কোনোধৰণৰ হানি নকৰিলে মানুহজনৰ। কিন্তু এই দৃশ্য সঁচাকৈয়ে শিহৰণকাৰী। ইণ্ডোনেছিয়া (Indonesia)ৰ এখন চিৰিয়াখানাত সংঘটিত হৈছে এই ঘটনা।

Post a Comment

0 Comments