বিশ্ব পৰিবেশ দিৱসত এক লাখ গছপুলি ৰোপণেৰে অভিলেখ কলিয়াবৰ মহকুমা প্ৰশাসনৰ। মন্ত্ৰী কেশৱ মহন্তই কৰিলে শুভাৰম্ভণি

 


বিশ্ব পৰিবেশ দিৱস (World Environment Day)ত এক লাখ গছপুলি ৰোপণেৰে অভিলেখ সৃষ্টি কলিয়াবৰ মহকুমা প্ৰশাসনৰ। কলিয়াবৰ মহকুমা প্ৰশাসন, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদ তথা অসম চৰকাৰৰ পৰিবেশ আৰু বনবিভাগৰ উদ্যোগত এক লাখ গছপুলি ৰোপণেৰে কলিয়াবৰত উদযাপন কৰা হয় বিশ্ব পৰিবেশ দিৱস।

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত গাঁও পঞ্চায়তসমুহ, বিভিন্ন বিভাগ, সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু  ৰাইজৰ সহযোগত মহকুমাটোত "শ্যামলী কলিয়াবৰ" শীৰ্ষক বৃক্ষৰোপন প্ৰকল্পৰ জৰিয়তে মহকুমাটোৰ প্ৰতিখন গাওঁ, ঘৰে-ঘৰে আজি সম্পাদন কৰা হয় এক লাখ গছপুলি ৰোপণৰ কাৰ্য্য।

অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ জেষ্ঠ বিজ্ঞানী ড০ জয়দ্বীপ বৰুৱা বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ সচিব লয়া মাদুৰী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক  যতীন্দ্ৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস  উপস্থিত থকা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta)ই।

কলিয়াবৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত আনুষ্ঠানিক কাৰ্যসূচীত মুখ্য অতিথি হিচাপে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা  আৰু জলবায়ু পৰিবৰ্তন তথা তথ্যপ্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। তাৰ পাছতে পুৱা ১০:৪৫ বজাত কুঁৱৰীটোল গান্ধী খেল পথাৰত বৃক্ষ ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে মন্ত্ৰী কেশৱ মহন্তই। ১৫ মিনিটত ১ লাখ গছপুলি ৰোপণৰে  শ্যামলী কলিয়াবৰ প্ৰকল্পৰ শুভাৰম্ভ কৰে মন্ত্ৰী কেশৱ মহন্তই। পৰিবেশ দিৱসৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকৃতি সুৰক্ষাৰ ওপৰত যুগুতোৱা বাটৰ নাট প্ৰদৰ্শন কৰে নাট্যকাৰ মনি হাজৰিকাৰ শিল্পী দলটিয়ে।

আনহাতে, আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী প্ৰতিষ্ঠানিক বনানীকৰণ আঁচনিৰ জৰিয়তে অহা ১৫ জুলাইৰ পৰা এমাহ যোৰা গছ পুলি ৰোপণ কাৰ্য‍্যসূচী লোৱা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই।

Post a Comment

0 Comments