ডেৰ বছৰত ১০ লাখ চৰকাৰী চাকৰি! ২৪লৈ লক্ষ্য কৰি বৃহৎ নিৰ্দেশনা মোদীৰ!

 


২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়ক কমেও ১০ লাখ চাকৰিত নিযুক্তি দিব মোদী চৰকাৰে! প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা টুইটাৰযোগে এই কথা সদৰি কৰা হৈছে।

পিএমঅ’ৰ টুইটত জনোৱা হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই কেন্দ্ৰীয় চৰকাৰৰ সকলো বিভাগ আৰু মন্ত্ৰণালয়ৰ মানৱ সম্পদৰ খতিয়ান দেখাৰ পিছত আগন্তুক ডেৰ বছৰৰ ভিতৰত ১০ লাখ নি়যুক্তিৰ নিৰ্দেশ দিছে।

নৰেন্দ্ৰ মোদী চৰকাৰৰ আমোলত নিবনুৱাৰ সংখ্যা বৃদ্ধিৰ অভিযোগত সৰৱ বিৰোধী দলসমূহ। লগতে বিজেপি নেত্ৰী নূপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ ফলতো দেশ আৰু দেশৰ বাহিৰত যথেষ্ট অস্বস্তিত পৰিছে কেন্দ্ৰীয় চৰকাৰ। এই পৰিস্থিতিত ১০ লাখ কৰ্মসংস্থাপনৰ ঘোষণাই যে চৰকাৰৰ ভাৱমূৰ্তি বহু পৰিমাণে উজ্জ্বল কৰিব তাত সন্দেহ নাই।

 

Post a Comment

0 Comments