‘অজয় দেৱগণৰ কাৰণে মোৰ বিয়াখন নহ’ল’, অভিনেত্ৰী টাবুৱে বাখ্যা কৰিলে অবিবাহিত হৈ থকাৰ কাৰণ

 

Ajay Devgan had threatened to beat up the boys who talked to Tabu actress  told- अजय देवगन ने तब्बू से बात करने वाले लड़कों को पीटने की दे दी थी धमकी,  एक्ट्रेस 
৯০ দশকত বলীউডৰ অভিনেত্ৰী টাবু আৰু অজয় ​​দেৱগনৰ যুটি অতি বিখ্যাত আছিল। দুয়ো একেলগে বহু ছুপাৰহিট ছবি দিছিল। অনস্ক্ৰীণ সম্পৰ্কৰ লগতে দুয়োৰে বাস্তৱ জীৱনতো এক বিশেষ সম্পৰ্ক আছে। অজয় আৰু টাবু পুৰণি ভাল বন্ধু আৰু আজিও তেওঁলোকৰ বন্ধুত্ব অক্ষত অৱস্থাত আছে। অজয়ৰ সৈতে বিজয়পাথ, হকীকত, দৃশ্যম, গোলমাল এগেইন, দে দে প্যায়াৰ দে আদি ছবিত কাম কৰি আহিছে টাবুৱে। শীঘ্ৰেই দুয়োৰে যুটি দেখিবলৈ পোৱা যাব দৃশ্যম-২ আৰু ভোলাতো।


অজয়ে টাবুৰ ওপৰত চোৰাংচোৱাগিৰি কৰিছিল: মুম্বাই মিৰ’ৰক দিয়া এক সাক্ষাৎকাৰত টাবুৱে কয় যে অজয় ​​আগৰে পৰা তেওঁৰ বিশেষ বন্ধু । টাবুৱে কয় যে অজয় ​​তেওঁৰ ভাতৃ সমীৰৰ ওচৰ-চুবুৰীয়া। টাবু বহুত সৰু থাকোতে সমীৰ আৰু অজয়ে তেওঁৰ ওপৰত চোৰাংচোৱাগিৰি কৰিছিল আৰু টাবুক কোনো ল’ৰাই অনুসৰণ কৰিলে বা পিচ ল’লে দুয়ো তাক ধমক দিছিল।
‘অজয়ৰ বাবেই মই অবিবাহিত’: টাবুৱে সাক্ষাৎকাৰটোত কৈছিল যে অজয় আৰু টাবুৰ ভাতৃৰ বাবেই কোনো ল’ৰা তেওঁৰ জীৱনলৈ নাহিল। সেইবাবেই তেওঁ অবিবাহিত হৈ ৰ’ল। টাবুৱে কয়, “অজয়ৰ বাবেই মই চিংগল হৈ আছো। আশাকৰোঁ তেওঁলোকে নিজৰ কাৰ্য্যৰ বাবে অনুশোচনা কৰিব।"
বিবাহক লৈ এনেদৰে ধেমেলীয়া উত্তৰ দি টাবুৱে কয়, “মই যদি বিশ্বাস কৰিব পৰা কোনোবা আছে, তেন্তে সেয়া হ’ল অজয়৷ তেওঁ শিশুৰ দৰে যদিও সুৰক্ষা দিয়া বিধৰ। চেটৰ পৰিৱেশ ভাল কৰি ৰাখে আৰু তেওঁ ওচৰত থাকিলে ষ্ট্ৰেছ ফ্ৰী হৈ থাকিব পাৰি। আমাৰ দুয়োৰে মাজত এক অতি বিশেষ সম্পৰ্ক আছে।"

আৰ জে সিদ্ধাৰ্থ কাননৰ সৈতে হোৱা এক বাৰ্তালাপত তাবুৱে কয় যে অজয়ে তেওঁক কেতিয়াও বিয়াৰ বাবে নকয়। টাবুৱে কয় যে অজয়ে তেওঁক বহুত ভালকৈ চিনি পায়, মোৰ বাবে কি ভাল সেয়া তেওঁ জানে। এই কথাত সিদ্ধাৰ্থই অজয়ক সুধিলে টাবুৰ বাবে কি ভাল? তাৰ উত্তৰত অজয়ে কয়, "মই তেওঁৰ বাবে ভাল।" অজয়ে জনায় যে, সৰুৰে পৰা দুয়ো ইজনে সিজনৰ সৈতে বন্ধুত্ব অক্ষুণ্ণ কৰি ৰাখিছে।
উল্লেখ্য যে, দুয়োৰে অভিনীত দৃশ্যম-২ ছবিৰ শ্বুটিং সম্পূৰ্ণ হৈছে আৰু এই ছবিখন অহা ১৮ নৱেম্বৰত ছবিগৃহত মুক্তি পাবলৈ গৈ আছে। অজয় দেৱগনৰ বাহিৰেও ছবিখনত দেখা যাব তাবু, শ্ৰিয়া শৰণ, ইশিতা দত্তৰ দৰে তাৰকা। লগতে এই ছবিখনৰ জৰিয়তে ১২ বছৰৰ পাছত অজয় ​​দেৱগন আৰু অক্ষয় খান্নাৰ যুটিক একেলগে পৰ্দাত দেখা যাব। ইয়াৰ পূৰ্বে অজয় ​​দেৱগনক ৰাণৱে ৩৪ত দেখা গৈছিল। এই ছবিখনত অজয়ৰ লগত আছিল অমিতাভ বচ্চনো। আনহাতে, যদি আমি তাবুৰ কথা কওঁ, তেন্তে ভূল ভূলাইয়া ২ত মঞ্জুলিকাৰ চৰিত্ৰত দেখা গৈছিল অভিনেত্ৰীগৰাকীক। ছবিখনত তাবুৰ দ্বৈত চৰিত্ৰ আছে।
 

Post a Comment

0 Comments