যুৱতীৰ iPhone আৰু নগদ ধন চুৰ কৰি ৰঙা ঘৰৰ আলহী হ'ল নাজিৰাৰ যুৱক


 নাজিৰা বৰপুখুৰী পাৰত আজি প্ৰাতঃভ্ৰমণলৈ অহা এগৰাকী যুৱতীৰ মোবাইল ফোন আৰু নগদ টকা চুৰ কৰি অৱশেষত ৰাইজৰ হাতত কৰায়ত্ত হ'ল নাজিৰাৰ এজন যুৱক৷ তৃষ্ণা বৰা নামৰ যুৱতীগৰাকীয়ে নাজিৰা বৰবৰুৱা পুখুৰীৰ পাৰত পুৱা খোজ কাঢ়িবলৈ বুলি আহি নিজৰ স্কুটীৰ ডিকিত এটা iPhone 12 ম'বাইল ফোনটো আৰু প্ৰায় ৩০০০ নগদ টকাসহ মানীবেগটো থৈ খোজকাঢ়িবলৈ যায়।

যুৱতীগৰাকী খোজ কাঢ়িবলৈ যোৱাৰ পিছতেই চোৰটোৱে যুৱতীগৰাকীৰ স্কুটিৰ ডিকি খুলি iPhone 12 মবাইল ফোনটো আৰু মানীবেগটো লৈ উধাও হয়।

কিন্তু চোৰৰ দিন বেয়া আছিল ৷ প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত চোৰটোক চিনাক্ত কৰি ধৰিবলৈ সক্ষম হয় যুৱতীগৰাকীয়ে। অৱশেষত শিমলুগুৰি আৰক্ষীক ৰাইজে নি গটাই দিয়ে চোৰটোক । ধৃত চোৰটো নাজিৰা বাপুজী পথৰ দিগন্ত কৰ্মকাৰ বুলি জানিব পৰা গৈছে ।

Post a Comment

0 Comments