অৰুণাচল প্ৰদেশৰ ইণ্ডো-চীন সীমান্তত পৰা সন্ধানহীন দুই সেনা জোৱান, ১২ দিনৰ মূৰত সেনাৰ ফালৰ পৰা ক'লে কি হ'ব পাৰে

 


অৰুণাচল প্ৰদেশৰ ইণ্ডো-চীন সীমান্তত কৰ্তব্যৰত দুজন সেনা জোৱান সন্ধানহীন হৈ আছে। যোৱা ১৪ দিন ধৰি তেওঁলোকৰ কোনো সন্ধান পোৱা হোৱা নাই। তথ্য অনুসৰি ২৮ মে'ৰ পৰা হৰেন্দ্ৰ নেগী আৰু প্ৰকাশ সিং ৰাণা নামৰ দুই সেনাৰ কোনো সন্ধান পোৱা নাই। তেওঁলোকে অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) ইণ্ডো-চীন সীমান্তৰ হালা পোষ্টত নিযুক্ত আছিল।

প্ৰকাশৰ পত্নীয়ে জনোৱা অনুসৰি তেওঁ সেনাৰ পৰা দুটা ফোনকল পাইছিল। প্ৰথম কলটো ২৯ মে'ত আহিছিল। সেইদিনা তেওঁক জনোৱা হৈছিল যে তেওঁৰ স্বামীক ২৮ মে'ৰ পৰা বিচাৰি পোৱা হোৱা নাই। দ্বিতীয় ফোনটো ৯ জুনত আহিছিল আৰু কোৱা হৈছে যে সেনাই দুয়োগৰাকী জোৱান নদীত পৰা বুলি সন্দেহ কৰিছে (Two Indian army soldiers missing for the last 14 days) ।

Post a Comment

0 Comments