এটা দিনতে দেশত ৮,৫৮২জন কোৰোণাত আক্ৰান্ত, সক্ৰিয় ৰোগীৰ সংখ্যা ৪৪,৫১৩জনলৈ বৃদ্ধি!

 


দেশত পুনৰ বৃদ্ধি পাইছে কোৰোণাৰ সংক্ৰমণ। দেওবাৰে জাৰি কৰা তথ্য অনুসৰি, পুনৰ নতুনকৈ ৮,৫৮২জন লোক আক্ৰান্ত হৈছে কোভিডত। ফলত এতিয়া সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পালে ৪৪,৫১৩জনলৈ। শনিবাৰৰ সংখ্যাৰ তুলনাত সামান্য বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। শনিবাৰে, ৮,৩২৯জন লোক আক্ৰান্ত হৈছিল কোৰোণাত। বিগত ২৪ ঘণ্টাত চাৰিজনৰ মৃত্যু হৈছে এই মহামাৰীত। কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দেশত ৫,২৪,৭৬১জনলৈ বৃদ্ধি পালে। এই তথ্য সদৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে।

ভাৰতৰ কোভিড–১৯ৰ সংক্ৰমণৰ সংখ্যা ২০২০ চনৰ আগষ্টত আছিল ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ, ১৬ ছেপ্টেম্বৰত ৫০ লাখ, ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অখ্টোবৰত ৭০ লাখ। ২৯ অক্টোবৰত সংক্ৰমণ ৮০ লাখ পাৰ হয়। ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত ১ কোটি সংক্ৰমণ প্ৰত্যক্ষ কৰে দেশে।

Post a Comment

0 Comments