হঠাতে অনিয়মীয়া হৃদস্পন্দন! অভিনেত্ৰী দীপিকা পাদুকনে ততাতৈয়াকৈ পালে হাস্পতাল, 'কে'ৰ শ্বুটঙৰ সময়তে এনে হয়


 অভিনেত্ৰী দীপিকা পাদুকনে হঠাতে অসুস্থ অনুভৱ কৰাৰ পিছত চিকিৎসালয়লৈ যাব লগা পৰিস্থিত হয়। পাদুকনে তেওঁৰ আহিবলগীয়া ছবি 'কে'ৰ দৃশ্যগ্ৰহণ কৰি থকা সময়ত ছবিখনৰ ছেটত হঠাতে অসুস্থ অনুভৱ কৰে। তেওঁক লগে লগে হায়দৰাবাদৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

চিকিৎসকে তেওঁক পৰীক্ষা কৰে আৰু শেষত তেওঁ ছবিখনৰ ছেটলৈ ঘূৰি আহে। পাদুকনৰ ঘনিষ্ঠ সূত্ৰই কয়, "দীপিকাক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তেওঁ হঠাতে অসুস্থ অনুভৱ কৰিছিল। দীপিকাক (Deepika Padukone) হঠাতে অস্থিৰ যেন লাগিছিল। হৃদস্পন্দনৰ হাৰ দ্ৰুত আৰু অনিয়মীয়া আছিল। ডাক্তৰে তেওঁক পৰীক্ষা কৰে আৰু তেওঁক সকলো ঠিকে থকা বুলি জানিবলৈ দি যাবলৈ অনুমতি দিয়ে। তেওঁ পিছত ছেটলৈ উভতি আহি ভালেই অনুভৱ কৰে।"

অৱশ্যে দীপিকা পাদুকনে এতিয়ালৈকে এই বিষয়ত কোনো কথা কোৱা নাই। কিন্তু আশা কৰা হৈছে যে তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে এটা আপডেট সোনকালেই উপলব্ধ হ'ব।

উল্লেখ্য, অভিনেত্ৰীগৰাকী বৰ্তমান হায়দৰাবাদত আছে আৰু 'কে'ৰ দৃশ্যগ্ৰহণত ব্যস্ত আছে। প্ৰভাসক ছবিখনত নায়ক হিচাপে দেখা যাব। কেইদিনমান আগতে দীপিকাই শ্বাহৰুখ খানৰ সৈতে পাঠানৰ শ্বুটিঙত ব্যস্ত আছিল। তেওঁ হৃত্বিক ৰোশনৰ বিপৰীতে ফাইটাৰৰ বাবেও দৃশ্যগ্ৰহণ কৰিছে। হয়তো অলপ বিৰতিহীন সময় কটোৱা বাবে তেওঁৰ তেনে অনুভৱ হৈছিল।

Post a Comment

0 Comments