ইংলেণ্ডত কোভিডত আক্ৰান্ত বিৰাট কোহলী! চিন্তাত ভাৰতীয় দল

 


কিছুদিন পূৰ্বে মালদ্বীপলৈ গৈছিল বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা। মুম্বাইলৈ উভতিয়ে চিকিৎসকক দেখুৱাবলৈ গৈছিল দুই তাৰকাই। বহুতেই ভাবিছিল কিবা সুখবৰ। অনুষ্কা শৰ্মা পুনৰ মাতৃ হ’ব নেকি বুলিও মনত প্ৰশ্নৰ উদয় হৈছিল বহুতৰে। কিন্তু সেয়া নহয়। আচলতে তেতিয়াৰে পৰাই ভাইৰাছত আক্ৰান্ত দুয়ো। এদিন পূৰ্বে কোৰোণা পজিটিভ হোৱা বাবে ইংলেণ্ডলৈ যাব নোৱাৰিলে অশ্বিনে।

এইবাৰ বিৰাট কোহলী কোৰোণাত আক্ৰান্ত হোৱাৰ খবৰ আহিল। অৱশ্যে এতিয়া সুস্থ তেওঁ। শুকুৰবাৰৰ পৰা লিষ্টাৰশ্বায়াৰ অনুশীলন মেচ খেলাৰ কথা ভাৰতীয় দলৰ। অৱশ্যে বিৰাট পূৰ্বতকৈ বহু পৰিমাণে সুস্থ বুলি জনা গৈছে। অনুশীলন কৰিছে। ছচিয়েল মিডিয়াত সেই ফটো পোষ্ট কৰিছে।

Post a Comment

0 Comments