কাশ্মীৰত অসামৰিক লোকৰ হত্যাকাণ্ডৰ মাজতে NSA অজিত ডোভালক সাক্ষাৎ গৃহমন্ত্ৰী অমিত শ্বাহৰ

 


অমিত শ্বাহে ৩ জুনত জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত এক উচ্চস্তৰীয় বৈঠকৰ অধ্যক্ষতা কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) বৃহস্পতিবাৰে নতুন দিল্লীত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল (NSA Ajit Doval)ৰ সৈতে এক বৈঠকত মিলিত হয়। জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সন্ত্ৰাসবাদীয়ে ৰাজস্থানৰ এজন বেংক কৰ্মচাৰীক গুলীয়াই হত্যা কৰাৰ কেইঘণ্টামান পিছতে এই অমিত শ্বাহ আৰু অজিত ডোভাল বৈঠকত মিলিত হয়।

আৰেহ মোহনপোৰা শাখাৰ এলাকি দেহাতী বেংকৰ মেনেজাৰ বিজয় কুমাৰ (Vijay Kumar)ক সন্ত্ৰাসবাদীয়ে গুলীওৱাৰ পিছতে চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যুক সাৱটি লয়। কুলগাম জিলাৰ গোপালপোৰাৰ এখন চৰকাৰী বিদ্যালয়ত এগৰাকী বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিহত হোৱাৰ মাত্ৰ দুদিন পিছতে সংঘটিত হয় এই ঘটনা। যোৱা ১২ মে’ত বাডগাম জিলাৰ চাদুৰা তহচিলৰ তহচিলদাৰৰ কাৰ্যালয়ৰ ভিতৰত ৰাহুল ভাট (Rahul Bhatt) নামৰ এজন কেৰাণীক গুলীয়াই হত্যা কৰা হৈছিল। ১ মে’ৰ পৰা কাশ্মীৰ (Kashmir)ত সংঘটিত হোৱা ৮টা হত্যাকাণ্ডৰ ভিতৰত আছিল তিনিজন কৰ্তব্যৰত আৰক্ষী আৰু ৫জন সাধাৰণ নাগৰিক।


ইফালে অমিত শ্বাহে ৩ জুনত জম্মু-কাশ্মীৰৰ নিৰাপত্তা (Jammu-Kashmir Security) পৰিস্থিতি সন্দৰ্ভত এক উচ্চস্তৰীয় বৈঠকৰ অধ্যক্ষতা কৰিব। কাশ্মীৰ উপত্যকাত ধাৰাবাহিক হত্যাকাণ্ডৰ মাজতে এপষেক নৌহওঁতেই এইয়া দ্বিতীয়খন এনে জৰুৰী বৈঠক হ’ব। সভাত Covid-19 মহামাৰীৰ বাবে দুবছৰৰ বিৰতিৰ অন্তত হৈ থকা বাৰ্ষিক অমৰনাথ তীৰ্থযাত্ৰা (Amarnath Yatra)ৰ ব্যৱস্থাৰ বুজ লোৱাৰ সম্ভাৱনা আছে।

 

Post a Comment

0 Comments