ক্ৰিকেটাৰ পৃথ্বী শ্ব’ৰ সৈতে প্ৰেয়সী প্ৰাচী সিঙৰ ব্ৰেক আপ! জানক আচল সত্যটো কি

 


দুয়োজনৰ কোনোৱেই কেতিয়াও মুকলিকৈ নিজৰ সম্পৰ্কৰ কথা কোৱা নাছিল। এতিয়াও পৃথ্বী বা প্ৰাচিয়ে এই ব্ৰেকআপৰ বিষয়ে একো কোৱা নাই।

ক্ৰিকেটাৰ পৃথ্বী শ্ব’ৰ সৈতে প্ৰাচী সিঙৰ ব্ৰেক আপ (Prithvi Shaw-Prachi Singh Breakup)ৰ বাতৰিয়ে তোলপাৰ লগাই আছে। প্ৰাচী সিং পৃথ্বী শ্ব’ৰ প্ৰেমিকা বুলি সকলোৱে কৈছিল আৰু দুয়োজনেও বহুদিনৰ পৰা ইজনে সিজনৰ লগত ডেটিং কৰি আছিল। আচলতে দুয়োজনে ইনষ্টাগ্ৰামত ইজনে সিজনক আনফ’ল’ কৰিছে আৰু তাৰ পিছত তেওঁলোকৰ সম্পৰ্কত বিচ্ছেদ ঘটিছে বুলি এনে জল্পনা-কল্পনা কৰা হৈছে।

ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় যুৱ ক্ৰিকেটাৰ পৃথ্বী শ্ব’ আৰু প্ৰাচী। দুয়োজনে ইজনে সিজনৰ ছবিত মন্তব্য কৰে। কেৱল এয়াই নহয়, ইজনে সিজনৰ লগত বহুদিন ডেটিং (Prithvi Shaw-Prachi Singh dating) কৰি আছিল। অৱশ্যে দুয়োজনৰ কোনোৱেই কেতিয়াও মুকলিকৈ নিজৰ সম্পৰ্কৰ কথা কোৱা নাছিল। এতিয়াও পৃথ্বী বা প্ৰাচিয়ে এই ব্ৰেকআপৰ বিষয়ে একো কোৱা নাই।

ৰাচিয়ে ইনষ্টাগ্ৰামত প্ৰায় ২০০ লোকক ফ’ল’ কৰে। তাৰ মাজতে পৃথ্বী শ্ব’কো এতিয়ালৈকে ফ’ল’ কৰি আছিল যদিও এতিয়া ইনষ্টাগ্ৰামত পৃথ্বীক আনফ’ল’ (Prachi Singh Unfollows Prithvi Shaw) কৰিছে। ইয়াৰ পিছতে পৃথ্বী শ্ব’ৱেও প্ৰাচীক আনফ’ল’ কৰি দিয়ে। এতিয়া দুয়োৰে মাজত বিচ্ছেদ ঘটিছে বুলি জল্পনা-কল্পনা চলি আছে।

উল্লেখ্য যে IPL-2022ত মুম্বাই ইম্ডিয়ানছৰ হৈ অপেনিং কৰা পৃথ্ৱী শ্ব'ৱে এইবাৰ বিশেষ ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে।

Post a Comment

0 Comments