বৰপেটাৰ সৰভোগত শোকাৱহ ঘটনা ! ৰান্ধনীশালত ভাত বনাই থাকোতে গাত জুই লাগি মহিলাৰ মৃত্য়ু, স্বামীৰ অৱস্থা সংকটজনক ...

 


বৰপেটাৰ সৰভোগত এক শোকাৱহ ঘটনা সংঘটিত হৈছে ৷ ৰান্ধনীশালত ভাত বনাই থাকোতে এগৰাকী মহিলাৰ গাত জুই লাগি অগ্নিদগ্ধ হৈ মৃত্যুক আকোঁৱালি লৈছে ৷ মৃত মহিলা গৰাকীৰ নাম সংগীতা দাস বুলি জানিব পৰা গৈছে ৷ মহিলা গৰাকীৰ স্বামী খনিন্দ্ৰ দাসৰ শৰীৰতো জুই লাগি গুৰুতৰভাৱে আহত হৈ সংকটজনক অৱস্থাত বঙাইগাঁৱৰ লোৱাৰ আছাম হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷

সৰভোগৰ ফেউৰাখোৱাৰ বিষ্ণু দাসৰ পুত্ৰ খনিন্দ্ৰ দাসৰ পত্নী সংগীতা দাসে দেওবাৰে নিশা প্ৰায় চাৰে ন মান বজাত ৰান্ধনীশালত ভাত বনাই থাকোতে সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ৷ সেইসময়ত মহিলাগৰাকীৰ স্বামী খনিন্দ্ৰ দাসে মহিলা গৰাকীৰ শৰীৰৰ জুই নুমাবলৈ চেষ্টা কৰে যদিও মহিলা গৰাকীৰ শৰীৰৰ সম্পূৰ্ণ ৰূপে অগ্নিদগ্ধ হোৱাত ৰান্ধনী শালতেই কৰুণ মৃত্যুক আকোঁৱালি লয় । দুটাকৈ পুত্ৰ সন্তানৰ মাতৃ সংগীতা দাসৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ সৰভোগ অঞ্চলত। মহিলাগৰাকীৰ স্বামী খনিন্দ্ৰ দাসেও অগ্নিদগ্ধ হৈ সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ নিতৌ ভাত বনাই আহা মহিলাগৰাকীৰ শৰীৰত হঠাৎ কিদৰে জুই লাগিল সেয়া জানিব পৰা নাই যদিও সৰভোগ আৰক্ষীয়ে এই শোকাৱহ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

Post a Comment

0 Comments