গুজৰাট হিংসাৰ গোচৰত মোদীক ক্লিনশ্বীট উচ্চতম ন্যায়ালয়ৰ, জাকিৰা জাফ্ৰিৰ আবেদন খাৰিজ

 


গুজৰাট হিংসাৰ গোচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্লিনশ্বীট দিলে উচ্চতম ন্যায়ালয়ে। নৰেন্দ্ৰ মোদীৰ ভূমিকাক লৈ প্ৰশ্ন তুলি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল গুজৰাট হিংসাত নিহত এগৰাকী কংগ্ৰেছ সাংসদৰ পত্নীয়ে। এই গোচৰৰ কোনো ভিত্তি নাই বুলি সদৰি কৰিছে উচ্চতম ন্যায়ালয়ে। ইয়াৰ পূৰ্বে গুজৰাট চৰকাৰে গঠন কৰা এছআইটি বা বিশেষ তদন্তকাৰী দলেও তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্লিনশ্বীট দিছিল। এছআইটিৰ এই সিদ্ধান্ততে ছীল–মোহৰ লগালে সৰ্বোচ্চ ন্যায়ালয়ে।

গুজৰাটৰ হিংসাৰ সময়ত গুলবাৰ্গ ছ’চাইটীৰ গণহত্যাৰ ঘটনাত নিহত ৬৮জন লোকৰ মাজত আছিল কংগ্ৰেছ সাংসদ এহছান জাফ্ৰি। তেওঁৰ পত্নী জাকিয়া জাফ্ৰিয়ে মোদীক এছআইটিয়ে দিয়া ক্লিনশ্বীটৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। সেই আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে।

Post a Comment

0 Comments