বেংকত চাকৰি কৰিব বিচৰাসকলৰ বাবে ভাল খবৰ, আজিয়ে আবেদন কৰক এই পদৰ বাবে


সম্প্ৰতি ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অব ইণ্ডিয়াৰ (Industrial Development Bank of India) ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি চুক্তি ভিত্তিত এছিষ্টেণ্ট মেনেজাৰ আৰু আন পদৰ নিয়োগৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে আ‍বেদন কৰিব পাৰে। এই বিষয়ে বিষদভাৱে জানিবৰ বাবে প্ৰাৰ্থীসকলে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অব ইণ্ডিয়াৰ ৱেবছাইটত গৈ চাব পাৰে।

প্ৰকাশিত বিজ্ঞপ্তি অনুসৰি, ৰেজিষ্ট্ৰেচন আৰু আবেদন ফিজ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৩ জুন ২০২২ৰ পৰা প্ৰাৰ্থীসকলে ১৭ জুলাই ২০২২ৰ ভিতৰত ৰেজিষ্ট্ৰেচন আৰু আবেদন কৰিব পাৰিব। একজিকিউটিভ পদৰ বাবে এপ্লিকেচন উইণ্ডো খোলা থাকিব ৯ জুলাইলৈ আৰু এডমিচনৰ বাবে আগন্তুক ২৩ জুলাইলৈ। অনলাইন আবেদন কৰিব লাগিব। অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব আবেদন পত্ৰ।

Post a Comment

0 Comments