ভাৰতী সিঙে ভুলতে ৰাজহুৱা কৰিলে পুত্ৰ গোলাৰ আচল নাম, পঢ়ক আৰু জানক

 


৩ এপ্ৰিলত কমেডিয়ান ভাৰতী সিং (Bharti Singh) আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়া (Haarsh Limbachiyaa)ই তেওঁলোকৰ পুত্ৰক এই পৃথিৱীলৈ আদৰণি জনাইছিল। আৰু তেতিয়াৰ পৰাই দম্পতীয়ে তেওঁলোকৰ ছ’চিয়েল মিডিয়াত কেঁচুৱাটোৰ ক্লিপ পোষ্ট কৰি আহিছে। কেঁচুৱাটোক অতদিনে মৰমেৰে ‘গোলা’ (Gola) বুলি মাতি আহিছে দুয়োজনে। নাম ৰাজহুৱাকৈ কৰা নাছিল প্ৰকাশ। দুমাহ অপেক্ষাৰ অন্তত অৱশেষত ভাৰতীয়ে প্ৰকাশ কৰিলে তেওঁলোকৰ পুত্ৰৰ নাম। পিংকভিলাই প্ৰকাশ কৰা অনুসৰি, ভাৰতীয়ে দম্পতীৰ ভ্লগ Life Of Limbachiyaasত পোষ্ট কৰা এটা ভিডিঅ’ত তেওঁ পৰোক্ষভাৱে ইংগিত দিছে যে তেওঁলোকে  সন্তানৰ নাম ৰাখিছে লক্ষ্য (Laksh)। অচিৰেই গোলাৰ নাম শ্বেয়াৰ কৰিব বুলি দম্পতীহালে নিজৰ অনুৰাগীসকলক প্ৰতিশ্ৰুতি দিছিল।

ভাৰতী আৰু হৰ্ষে ১৫ দিনৰ বাবে ফুৰিবলৈ গোৱালৈ গৈছিল যদিও অত্যধিক গৰমৰ বাবে মাত্ৰ ৩-৪ দিনতে ভ্ৰমণ সামৰে। তেওঁলোকৰ গোৱা ভ্ৰমণৰ কেইবাটাও ভিডিঅ’ পোষ্ট কৰিছিল আৰু তাৰে এটা ভিডিঅ’ত কমেডিয়ান গৰাকীয়ে শ্বেয়াৰ কৰিছিল যে গোলাৰ নাম ‘লক্ষ্য’। এই দম্পতীয়ে নিয়মিতভাৱে নিজৰ ইউটিউব চেনেলত ভিডিঅ’ পোষ্ট কৰি থাকে আৰু ই তেওঁলোকৰ ফ’ল’ৱাৰসকলৰ বাবে এক উপহাৰ। ভিডিঅ সমূহ পোষ্ট কৰি ভাৰতী আৰু হৰ্ষে নিজৰ জীৱনৰ বিশেষ মুহূৰ্তবোৰ নিজৰ অনুৰাগী আৰু আপোনজনৰ সৈতে শ্বেয়াৰ কৰে।

Post a Comment

0 Comments