ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীৰ যৌথ প্ৰাৰ্থী হ'ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহা

 


কেইবা সপ্তাহ ধৰি কৰা আলোচনাৰ অন্তত মঙলবাৰে বিৰোধী দলসমূহে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে যে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচন (Presidential Elections)ৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহা (Yashwant Sinha)। শাৰদ পাৱাৰ, গোপালকৃষ্ণ গান্ধী আৰু ফাৰুক আব্দুল্লাই দৌৰৰ পৰা আঁতৰি দিয়াৰ পিছতে সিনহাৰ নাম চুড়ান্ত কৰা হয়।

NCPৰ মুৰব্বী শৰদ পাৱাৰে কয়, ‘আমি ২৭ জুনত পুৱা ১১.৩০ বজাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিম।‘

Post a Comment

0 Comments